কৃষিবিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কামৰূপৰ ভেলেৰাত পশু চিকিৎসা শিবিৰ…

আজি লোহাৰঘাট অঞ্চলৰ ভেলাৰা আৰু বিৰোগাঁৱত অসম কৃষি বিশ্বিদ্যালয়ৰ কাহিকুচি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত এটি পশুচিকিৎসা আৰু চিটাকৰণৰ শিবিৰ আয়োজন কৰা হয়। শিবিৰ আৰম্ভণিতে কাহিকুচি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডা, ইলেক্সি ডেকায় শিবিৰ উদ্দেশ্য বাখ্যা কৰে আৰু ৰাইজৰ সহযোগিতা কামনা কৰে। শিবিৰত উপস্থিত থকা লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডঃ দেবাকিংকৰ শৰ্মা , কোচপাৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডঃ মুকুল দাস আৰু ভ্ৰাম্যমান পশু চিকিৎসালয়ৰ চিকিৎসক ডঃ বৰিষ্ঠা বৰাই কৃষক সকলৰ উদ্যেশ্যে পক্ষ ধনৰ বিভিন্ন ৰোগ সম্পৰ্কত ভাষণ প্ৰদান কৰে ।

শিবিৰত সহযোগ কৰা ক্ষেত্ৰ সহায়ক সকল – অৰুণ কলিতা, পৰেশ কলিতা, ৰমেন দাস, বিপুল ৰাভা, প্ৰাঞ্জল কলিতা, কিশোৰ কলিতা আৰু হিৰকজ্যোতি দাস। শিবিৰত ৪৫১ সংখ্যক গৰুক চবকা ৰোগৰ প্ৰতিষেধক ছিটা প্ৰদান কৰা হয় লগতে ২৫৩ সংখ্যক গৰুক বিভিন্ন ৰোগৰ চিকিসা প্ৰদান কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। এই শিবিৰতি কাহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী বিজ্ঞানী ডঃ ধীৰেন্দ্ৰনাথ কলিতাৰ তত্বাৱধানত তথা ডঃ ডেকাৰ নেতৃত্বত সূচাৰুৰূপে সম্পন্ন হয়।

Related Articles