Breaking

বিকীয়ে কেটক দিয়া আঙঠিৰ দাম কিমান ?

0 104

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি-কেটে মেলিলে যুগ্মজীৱনৰ পাটনি। ন-কইনা কেটৰিনাই খোজ থ’ব নতুনৰ পদূলিত। নৱবিবাহিত দম্পতীয়ে বৃহস্পতিবাৰে নিশা বিবাহৰ ফটো আনুষ্ঠানিকভাৱে বিকী কৌশল আৰু কেটৰিনাই কাঈফৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ৰাজহুৱা কৰিছিল। ইয়াৰ পাছতে দুয়োগৰাকীৰে অনুৰাগীৰ মাজত উছাহে নধৰা হৈছে ৷


বিকী আৰু কেটক দৰা-কইনাৰ পোছাকত সাইলাখ ৰজা আৰু ৰাণীৰ দৰে দেখা গৈছিল। কেটে পৰিধান কৰা বিয়াৰ আঙুঠিটো বিখ্যাত আন্তৰ্জাতিক গহনা ব্ৰেণ্ড ‘টিফানি’ৰ পৰা ক্ৰয় কৰা হৈছিল যদিও বিয়াৰ অন্য কাপোৰ আৰু গহনা সামগ্ৰীত ভাৰতীয় স্পৰ্শ আছিল। টিফানি চোলেষ্টে নীলা চেফায়াৰ হীৰাৰ বাগদানৰ আঙুঠিটোৱে কেটৰ আঙুলিত বিকিয়ে পৰিধান কৰাই দিছিল। এই বিশেষ আঙুঠিটোৰ দাম ভাৰতীয় মুদ্ৰাত ৭ লাখ ৪০ হাজাৰ ৭০৮ টকা ৷ তদুপৰি বিকীয়ে কেটক পৰিধান কৰোৱা মংগলসূত্ৰও হীৰাৰে নিৰ্মিত আছিল।


ইফালে, ৮০ কোটি টকাৰ চুক্তিৰ বিনিময়ত আমাজন প্ৰাইমে কেটৰিনা কাঈফ আৰু বিকী কৌশলৰ বিবাহৰ ফুটেজ ক্ৰয় কৰিছিল। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, বিকী আৰু কেটৰিনাৰ সংগীত আৰু মেহেন্দী অনুষ্ঠানত দুয়োজন তাৰকাৰ পৰা এটকাও ধন খৰচ হোৱা নাই। আমাজন প্ৰাইম ভিডিঅ’ই ইয়াৰ বাবে সমগ্ৰ দায়িত্ব বহন কৰিছে। অ’টিটি প্লেটফৰ্মে আনকি শংকৰ-এহচান-লয় আৰু অন্যান্য শিল্পীসকলৰ প্ৰদৰ্শনৰ বাবেও পাৰিশ্ৰমিক প্ৰদান কৰিছিল৷

আনহাতে, ৮ ডিচেম্বৰত গুগলেও কেটৰিনা কাঈফক বিকী কৌশলৰ পত্নী হিচাপে দেখুৱাইছিল। এতিয়া যদি আপুনি গুগলত বিকী-কেটক সন্ধান কৰে, বিকী কৌশলৰ স্পাউছ কেটৰিনা কাঈফৰ নাম আহিব। দৰাচলতে, বিকী-কেটৰ এজন অনুৰাগীয়ে বিকিৰ ৱিকিপিডিয়াত এই তথ্য আপডেট কৰে।

Leave A Reply