ৰাষ্ট্ৰীয় সুৰক্ষা (Victor Das) আইনৰ অধীনত আটক হোৱা ভিক্টৰ দাসৰ অশালীন ভাষা আৰু আচৰণৰ বাবে ন্যায়াধীশ সঞ্জীৱ কুমাৰ মেধিয়ে দাসক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে যে যিজন ব্যক্তিয়ে নিজকে আইনৰ ঊধ্বৰ্ত বুলি ভাবি লৈ এনে ধৰণৰ ব্যৱহাৰ কৰে তেওঁৰ আইনৰ ওচৰলৈ ন্যায় বিচাৰি অহাৰ প্ৰয়োজন নাই৷
ন্যায়াধীশগৰাকীয়ে কয় যে ভিক্টৰ দাস ওলালে সামাজিক স্থানত টেলিভিছন বন্ধ কৰিব লগা হয়, কাৰণ তেওঁ কি কৈ দিয়ে ঠিক নাই৷ ইমান এজন অভদ্ৰ আৰু অশালীন ব্যক্তিক প্ৰতিনিধিত্ব কৰাটো অধিবক্তাজনৰ বাবে লাজৰ কথা বুলিও উল্লেখ কৰে তেওঁ৷
তেওঁ কয় যে ভিক্টৰৰ দৰে ব্যক্তিয়ে ক’চিং চেণ্টাৰ চলাই থকাটো আৰু ভয়াৱহ কথা, কাৰণ তেওঁৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অশালীন কথাকে শিকিব৷ জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত ভিক্টৰ দাসে ৰাজ্যৰ পৰিস্থিতি অশান্ত কৰিবলৈ উচটনিমূলক মন্তব্য আবঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল৷

