বিশ্বনাথৰ ধুলিত আদিবাসী শান্তি চুক্তি সফল ৰূপায়ণত বিজয় দিৱস পালন

ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ লগত যুদ্ধবিৰতিত থকা আদিবাসী বিদ্ৰোহী সংগঠন সমুহৰ সৈতে হোৱা আদিবাসী শান্তি চুক্তি সফল ৰূপায়ণ হোৱাত বিশ্বনাথৰ ধূলিত আদিবাসী ৰাইজে বিজয় উৎসৱ পালন কৰে ৷ দীৰ্ঘদিন ধৰি আদিবাসী জনগোষ্ঠীৰ অধিকাৰৰ বাবে যুজ দিয়া আদিবাসী যুদ্ধ বিৰতিত থকা পাছটাকৈ বিদ্ৰোহী গোটে ভাৰতৰ চৰকাৰ তথা অসম চৰকাৰৰ লগত প্ৰস্তাৱিত শান্তি চুক্তিত স্বাক্ষৰ কৰে ৷

সেই উদ্দেশ্যে অনুষ্ঠিত হোৱা বিজয় উৎসৱৰ অনুষ্ঠানত প্ৰথমে জনগোষ্ঠীটোৰ অধিকাৰৰ হকে আত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ তৎপশ্চাৎ ধূলি বাসী ৰাইজে আদিবাসী শান্তি চুক্তিক আদিবাসী জনগোষ্ঠী অধিকাৰৰ বাবে হোৱা এক ঐতিহাসিক বিজয় বুলি অভিহিত কৰি ঝুমইৰ গীত নৃত্যৰে বিজয় উৎসৱ উদযাপন কৰে ৷


অনুষ্ঠানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য দিনেশ তপ্প, বিশ্বনাথ জিলা আছাৰ সভাপতি অমিত কিণ্ড সহ-সম্পাদক আৰমান কিণ্ড শিক্ষা সম্পাদক আশিষ তপ্প আৰু আদিবাসী যুদ্ধ বিৰতি গোটৰ বিষয়ববীয়া সকল ক্ৰমে ৰাম কৰা, ৰাজু মিঞ্জ , জাৰিমোছ তপ্ন, সুশিল বাগা, এলবাৰ্ট ভেংৰা, ললিত পানতাতি, মহেশ ভূমিজৰ লগতে আছাৰ ঘিলাধাৰী আঞ্চলিক সমিতিৰ সম্পাদক ধ্ৰুৱ কৰ্মকাৰ, বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি চামুৱেল বাৰ্লাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে।

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Related Articles