মৈৰাবাৰীত থানা কমিটীৰ নৱনিৰ্বাচিত সভাপতিক সম্বৰ্ধনা গাওঁৰক্ষী বাহিনীৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ নৱনিৰ্বাচিত সভাপতি ছেলিম চৌধুৰী দিপুক স্থানীয় গাওঁৰক্ষী বাহিনী আৰু সচেতন মহলে আজি সম্বৰ্ধনা জনায়।

মৈৰাবাৰীৰ থানাৰ গাওঁৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে গৰিয়াবৰী গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক আনোৱাৰ হুছেইনে।

থানা খনৰ নৱনিৰ্বাচিত সভাপতি চেলিম চৌধুৰী দিপুৱে দায়িত্ব ভাৰ গ্ৰহণ কৰি সমাজত প্ৰচলিত বাল্যবিবাহ, চাইবাৰ অপৰাধী, ড্ৰাগচ সৰবৰাহকাৰীৰ বিৰুদ্ধে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিব বুলি মন্তব্য আগবঢ়ায়।

ইফালে আৰক্ষী, গাওঁৰক্ষী বাহিনীৰ সৈতে সহযোগীতা কৰি সুন্দৰ সমাজ এখন গঢ় দিব বুলিও মন্তব্য আগবঢ়ায়।

সম্বৰ্ধনা সভাখনত মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাবিৰ আলি, ভেলৌগুৰী থানাৰ সভাপতি শ্বহিদুল ইছলাম, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক বিষয়া দিপংকৰ মহেলা, কলিয়াবৰ জিলা বিজেপিৰ কৃষান মৰ্চাৰ সভাপতি মিন্টু বৰা, মৈৰাবাৰী মন্ডল বিজেপিৰ উপ সভাপতি ভানু দাসৰ লগতে বিশিষ্ট সমাজ কৰ্মী সকল উপস্থিত থাকে।

Related Articles