এগৰাকী চৰকাৰী গাওঁবুঢ়াৰ স্বেচ্চাসাৰী কাৰ্য্য কালাপ আৰু হিটলাৰী শোষণত অতিষ্ঠ হৈ গাওঁ খনৰ একাধিক সামাজিক ব্যক্তিয়ে গাওঁবুঢ়া গৰাকীৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি জিলা উপায়ুক্তই গাওঁবুঢ়া গৰাকীক নিলম্বন কৰাত অঞ্চলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰৰ অধিনৰ গাওঁ তামুলদি গাওঁত। তামুলদি গাওঁৰ গাওঁবুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বন কৰা বিষয় সন্দৰ্ভত জানিব পৰা মতে ; গাওঁবুঢ়া গৰাকীয়ে গাওঁ খনৰ প্ৰশাসনিক সেৱাৰ নামত চলাইছিল এক প্ৰকাৰৰ গুণ্ডাৰাজ। গাওঁবুঢ়াই গাওঁত শাসনৰ নামত চলাইছিল এক প্ৰকাৰৰ হিটলাৰৰ শাসন।মুঠৰ ওপৰত ধুৰন্ধৰ প্ৰকৃতিৰ ছমেজ উদ্দিন আহমেদে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে গাওঁবুঢ়া হৈছিল। গাওঁবুঢ়াই সামাজিক দায়িত্ব পালন কৰাৰ পৰিৱৰ্তে নিজৰ লগতে পৰিয়ালৰ সকলোকে চৰকাৰৰ আঁচনিত অন্তৰ্ভুক্ত কৰি গাওঁৰ ৰাইজক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। গাওঁবুঢ়া গৰাকীৰ বিৰুদ্ধে গোচৰৰ উপৰি গোচৰ তৰাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি কামৰূপ জিলা উপায়ুক্তই স্মাৰক পত্ৰ নং কে আৰ চি ৮৩/২০১৯/৫ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া মৰ্মে ১৬ – ০৬ – ২০২১ তাৰিখে চূড়ান্ত ৰায় দিয়ে আৰু গাওঁ বুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বন কৰা হ’ল বুলি ঘোষণা কৰে। লগতে জিলা উপায়ুক্তই গাওঁবুঢ়া গৰাকীক নিলম্বন কৰা হুকুমৰ নথি ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ; বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ; ছমৰীয়া মৌজাৰ মৌজাদাৰ আৰু নিলম্বিত গাওঁ বুঢ়া ছমেজ উদ্দিন আহমেদক প্ৰেৰণ কৰি ৰাজহুৱা কৰে। উল্লেখ্য যে ; একাধিক অসামাজিক কাৰ্য্য কালাপত জড়িত আৰু চৰকাৰী আঁচনিৰ সা সুবিধা হৰলুকি কৰা অপৰাধত অভিযুক্ত গাওঁবুঢ়া গৰাকীক নিলম্বন কৰাত অঞ্চলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।

