Breaking

ৰাস্তা নির্মানত বাধা কাৰ্যক গাওঁবাসীৰ উত্তাল প্রতিবাদ

0 2,036

বৰাজুলী জয়মতী হাই স্কুলৰ কাষৰ পৰা  বৰাজুলী গাঁৱলৈ যোৱা নির্মানত ৰাস্তা চিপিআই (এম এল) ৰ কর্মী মিন আচার্যৰ নেতৃত্বত”একাংশ লোকে  কাম কৰিবলৈ বন্ধ কৰি দিয়াৰ বাবে আজি দুই শতাধিক স্থানীয় পুৰুষ মহিলা ওলাই হাতে হাতে প্লে’কাৰ্ডলৈ প্রতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে কার্ড লৈ নির্মিয়মান ৰাস্তাত আমাক ৰাস্তা লগিব, ৰঞ্জীত দত্ত জিন্দাবাদ, উন্নয়ন বিৰোধী হুচিয়াৰ, চিপিআই (এম এল) গ’বেক আদি ধ্বনিৰে বৰাজুলীৰ আকাশ বতাহ কঁপাই তোলে।উল্লেখ যোগ্য যে বিশ্ববেংকৰ এপার্ট আঁচনিৰ অধীনত ২০২১ চনৰ ১৯ জানুবাৰী শতাধিক ৰাইজ,বিভাগীয় বিষয়াৰ উপস্হিতিত উদ্ধোধন কৰা হৈছিল এই ৰাস্তা  !দুই কোটি ২২লাখ টকা ব্যয় সাপেক্ষে ফেবাৰ ব্লকেৰে নিমার্ন হ’ব লগীয়া ৰাস্তা পুনৰ নিয়মীয়াকৈ নির্মান কার্য সম্পাদন কৰিবলৈ ৰাইজে দাবী জনাইছে । অন্যহাতে বিগত ১৮-১৯ বৰ্ষত এই স্থানত এটা সমুহীয়া ভৱনৰ বাবে ইটা বালি পেলোৱা হৈছিল কিন্তু এনে একাংশ লোকৰ বাবে সেই ভৱন নিৰ্মাণ কৰা নহল ‘যাৰ বাবে বৰাজুলী গাওঁবাসী উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে ।পুনৰ ৰাস্তা নিৰ্মাণ কাৰ্যক গাওঁবাসীয়ে ধিক্কাৰ দিছে ।

Leave A Reply