Breaking

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা । ৩ দিনত ৫ জন নিহত, ২০ জন আহত…

0 25

কিছুদিন শান্তিৰ অন্তত পুনৰ মণিপুৰত হিংসাত্মক ঘটনা । যোৱা ৩ দিনত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত ৫ জন লোকৰ মৃত্যু হয়। যোৱা ৩ মাহ ধৰি মণিপুৰত চলি থকা হিংসাত্মক ঘটনা পুনৰ জ্বলিছে ৰাজ্যখন। ৰাজ্যৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত যোৱা তিনিদিনত হিংসাত্মক ঘটনাত এজন জনজাতীয় গীতিকাৰ আৰু এজন গাঁওৰক্ষা স্বেচ্ছাসেৱককে ধৰি পাঁচজন লোক নিহত হয়। ইয়াৰ লগতে আহত হয় আন ২০ জন। ৰাজ্য খনত এতিয়াও চলি আছে কুকি আৰু মেইটেই সম্প্ৰদায়ৰ লোকৰ মাজত গুলীচালনা।


আৰক্ষী বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে পুৱাৰে পৰা নতুনকৈ গুলীচালনা আৰম্ভ হোৱাৰ পিছতে বিষ্ণুপুৰৰ পাদদেশ আৰু চুৰাচান্দপুৰ জিলাৰ আশে-পাশে থকা অঞ্চলত মণিপুৰৰ দুটা প্ৰতিদ্বন্দ্বী জনগোষ্ঠীৰ মাজত গুলীচালনা অব্যাহত থাকে। মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত শ্ব্ৰেপনেলৰ ফলত আহত দুজন লোকৰ বৃহস্পতিবাৰে মৃত্যু হয়।

Leave A Reply