Breaking

ভাইৰেলঃ ৰেচন কাৰ্ডত ‘দত্ত’ৰ সলনি ‘কুট্টা’ বুলি উপাধি ছপা হোৱাৰ পিছত চৰকাৰী বিষয়াক ভুকিলে এজনে…

0 40

পশ্চিম বংগৰ বাংকুৰা জিলাৰ এজন লোকে ৰেচন কাৰ্ডত উপাধিৰ ‘দত্ত’ৰ পৰিৱৰ্তে ‘কুট্টা’ (কুকুৰ) বুলি ভুলকৈ লিখাৰ পিছত স্থানীয় ব্লক ডেভেলপমেণ্ট অফিচাৰ (বি ডি অ’)ক ভুকি কুকুৰৰ দৰে আচৰণ কৰে।বহুলভাৱে শ্বেয়াৰ কৰা ৪৫ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে মানুহজনে নিজৰ নথি-পত্ৰ চৰকাৰী বিষয়াসকলৰ হাতত তুলি দিওঁতে কুকুৰৰ দৰে জোৰেৰে ভুকিছে, যিসকলক গাড়ীৰ ভিতৰত বহি থকা দেখা গৈছে। সম্পূৰ্ণ হাতৰ চাৰ্ট আৰু পেণ্ট পিন্ধা লোকজনে গোটেই ভিডিঅ’টোত এটা শব্দও উচ্চাৰণ কৰা শুনা নাযায়। গাড়ীৰ খিৰিকীৰ কাষত থিয় হৈ তেওঁ বিডিঅ’ক নথি-পত্ৰ দেখুৱাই থকা দেখা যায় আৰু তাৰ পিছত বিষয়াজনে সেইবোৰ আন এজনৰ হাতত তুলি দিয়ে যাতে তেওঁও এবাৰ চকু ফুৰাব পাৰে। এই কথা এইচ টিয়ে তেওঁলোকৰ লেখাত প্ৰকাশ কৰিছে।

এইচ টিয়ে লাভ কৰা ৰেচন কাৰ্ডৰ এটা স্নেপশ্বটত মানুহজনৰ নাম ‘দত্ত’ উপাধিৰ পৰিৱৰ্তে ‘শ্ৰীকান্তি কুমাৰ কুট্টা’ বুলি লিখা হৈছে। খবৰ অনুসৰি লোকজনে বাংকুৰা প্ৰশাসনৰ সহযোগত কেইবাবাৰো উপাধি সলনি কৰাৰ চেষ্টা চলাইছিল যদিও প্ৰতিবাৰেই সফল হোৱা নাছিল। শ্ৰীকান্তিয়ে জনাইছে যে তেওঁ তিনিবাৰকৈ ৰেচন কাৰ্ডত উপাধি শুধৰণিৰ বাবে আবেদন কৰিছিল।

“তৃতীয়বাৰ মোৰ নামটো শ্ৰীকান্তি দত্তৰ সলনি শ্ৰীকান্তি কুট্টা বুলি লিখা হ’ল। এই কথাত মই মানসিক বিকাৰগ্ৰস্ত হৈছিলোঁ।’-তেওঁ এইদৰে কয়।

তেওঁ আৰু কয় যে শুকুৰবাৰে তেওঁ পুনৰ সংশোধনৰ বাবে আবেদন কৰিবলৈ গৈছিল আৰু “তাত জইণ্ট বিডিঅ’ দেখি মই তেওঁৰ সন্মুখত কুকুৰৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিলোঁ”। “আমাৰ দৰে সাধাৰণ মানুহে কিমানবাৰ কাম এৰিব, সংশোধনৰ বাবে আবেদন কৰিবলৈ যাব?” শ্ৰীকান্তই সুধিলে।

Leave A Reply