কিছু সময়ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ অলপ সময়ৰ পিছতে তেওঁক পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কাৰ সৈতে মুম্বাই বিমানবন্দৰত দেখা পোৱা গ’ল।(Virat Kohli-Anushka Sharma)বিৰাট কোহলীয়ে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীসকলক অৱসৰৰ বিষয়ে অৱগত কৰে। এই ঘোষণাৰ মাত্ৰ কেইমিনিটমান পিছতে বিৰাট কোহলীক দেখা গ’ল মুম্বাই বিমানবন্দৰত। এই সময়ছোৱাত তেওঁক পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে দেখা গৈছিল। এই সময়ত দুয়োজনে পাপাৰাজীক দেখাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সেই সময়ৰ কেইখনমান ফটো চাওক-

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ খবৰ পাই বিৰাট কোহলীৰ অনুৰাগীসকল অতি আৱেগিক হৈ পৰিছে। এজন ব্যক্তিয়ে তেওঁৰ শেহতীয়া ছবিত লিখিছে, ‘আমি আপোনাক বহুত মিছ কৰিম বিৰাট।’ আনহাতে আন এজন ব্যক্তিয়ে লিখিছে, ‘কিংবদন্তি…আপোনাৰ ঠাই কোনেও ল’ব নোৱাৰে।’
