Virat Kohli Anushka Sharma: ভাৰত এৰি যোৱাৰ পৰিকল্পনা বিৰাট-অনুষ্কাৰ!

বৰ্তমান অষ্ট্ৰেলিয়াত আছে টিম ইণ্ডিয়াৰ প্ৰবীণ খেলুৱৈ বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট মেচত বিশেষ একো কৰিব নোৱাৰিলেও কোহলীক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। এক প্ৰতিবেদন অনুসৰি বিৰাট অতি সোনকালে পৰিয়ালৰ সৈতে ভাৰত ত্য়াগ কৰি অন্য স্থানলৈ স্থানান্তৰিত হ’ব আৰু এই কথা নিশ্চিত কৰিছে তেওঁৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই। (Virat Kohli Anushka Sharma)

ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী। অতি শীঘ্ৰে পত্নী অনুষ্কা শৰ্মা আৰু দুই সন্তান বামিকা আৰু আকায়ৰ সৈতে ভাৰত এৰি লণ্ডনলৈ যাব বিৰাট কোহলী। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত লণ্ডনত থকাৰ পৰিকল্পনা বিৰাট কোহলীৰ। বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই নিশ্চিত কৰিছে এই কথা।

কোহলী আৰু অনুষ্কা লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ আলোচনা দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। শেহতীয়াকৈ দৈনিক জাগৰণক এক সাক্ষাৎকাৰ দিছিল প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই। এই সাক্ষাৎকাৰ অনুসৰি তেওঁ কয় যে বিৰাটে সন্তান আৰু পত্নী অনুষ্কা শৰ্মাৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে।

বিৰাট কোহলীৰ দিল্লীতো ঘৰ আছে। মুম্বাইতো তেওঁৰ ঘৰ আছে। তেওঁ মুম্বাইত এপাৰ্টমেণ্ট এটাও কিনিছিল। ইয়াৰ সমান্তৰালকৈ আলিবাউগত এটা বাংলোও ক্ৰয় কৰি থৈছে। কিন্তু এতিয়া ভাৰত এৰি যোৱাৰ পৰিকল্পনা কৰিছে। লণ্ডনত হ’ব বিৰাট কোহলীৰ নতুন ঘৰ। কিন্তু বিৰাটে এই সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Related Articles