আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক অভিলেখ বিৰাট কোহলি ! ২৫০০০ ৰান অতিক্ৰম কৰিলে কোহলিয়ে। দিল্লী টেষ্ট খেলৰ সময়ত দলৰ দ্বিতীয় ইনিংছত ১২ ৰান সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সম্পূৰ্ণ কৰা ৬ নং খেলুৱৈ হিচাপে পৰিগণিত হয় । দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্ট মেচত বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আন এক অভিলেখ স্পৰ্শ কৰিছে। দলৰ দ্বিতীয় ইনিংছত বিৰাট কোহলীয়ে যেতিয়া ১২ সংখ্যক ৰান সম্পূৰ্ণ কৰিছিল, তেতিয়া তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০০০ ৰানৰ সীমা স্পৰ্শ কৰা ৬ নং আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। একে সময়তে এই বিষয়ত শচীন তেণ্ডুলকাৰৰ পিছত কোহলীও দ্বিতীয় ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
𝐌𝐢𝐥𝐞𝐬𝐭𝐨𝐧𝐞 𝐔𝐧𝐥𝐨𝐜𝐤𝐞𝐝!
— BCCI (@BCCI) February 19, 2023
Congratulations @imVkohli on reachinginternational runs in international cricket!
Simply sensational#TeamIndia | #INDvAUS | @mastercardindia pic.twitter.com/Ka4XklrKNA
এই পইণ্টত উপনীত হোৱাৰ ক্ষেত্ৰতো অতি কম ইনিংছ খেলা বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। তেওঁৰ পূৰ্বে য’ত শচীন টেণ্ডুলকাৰে ৫৭৭ সংখ্যক ইনিংছত ২৫০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰিছিল, তাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে ৫৮৮ ইনিংছত ৰান সম্পূৰ্ণ কৰিছিল। বিৰাট কোহলীয়ে মাত্ৰ ৫৪৯ ইনিংছত এই সংখ্যা স্পৰ্শ কৰে।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩১৩১৩টা বলৰ মুখামুখি হৈ কোহলীয়ে ২৫০০০ ৰান সম্পূৰ্ণ কৰিছে। ২০০৮ চনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ পাছত কোহলীয়ে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে এক সুন্দৰ প্ৰদৰ্শন লাভ কৰিছে। য’ত কোহলি এদিনীয়াত ১১০০০ ৰান সম্পূৰ্ণ কৰা আটাইতকৈ দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হয়। একে সময়তে টেষ্ট ক্ৰিকেটতো তেওঁৰ নামত ২৭টা শতকীয় ইনিংছ পঞ্জীয়ন কৰা হয়।
Yet another milestone to Virat Kohli's name
— ICC (@ICC) February 19, 2023#WTC23 | #INDvAUS pic.twitter.com/XnnNZneik3
মেচৰ ক্ষেত্ৰত বিৰাট কোহলীয়ে তিনিওটা ফৰ্মেটতে মাত্ৰ ৪৯২খন মেচহে খেলিছে, য’ত তেওঁ এই স্থান অৰ্জন কৰিছে। কোহলীয়ে এই পৰ্যন্ত টেষ্টত ৮১৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে এদিনীয়াত ১২৮০৯ ৰান সংগ্ৰহ কৰিছে। টি-২০ ইণ্টাৰনেশ্যনেলত বিৰাট কোহলীয়ে এতিয়ালৈকে ১১৫খন খেলত গড়ে ৫২.৭৪ ৰান কৰি ৪০০৮ ৰান সংগ্ৰহ কৰিছে।এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০০০ ৰানৰ সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৬ গৰাকী খেলুৱৈয়ে। শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী আৰু ৰিকি পণ্টিঙৰ উপৰিও কুমাৰ সাংগাকাৰা আৰু মহেলা জয়ৰৱাধনে আৰু জেক কালিছৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। বিৰাট কোহলীয়েও একবিংশ শতিকাত অভিষেক ঘটাই এই ঠাই স্পৰ্শ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে।