কোহলীৰ অজ্ঞাতত কেইবাজনো লোকে হোটেলৰ কোঠাত সোমাই এই ভিডিঅ’সমূহ কৰিছে।
তাৰপাছতে ঘটনাটোত আতংকিত হৈ কোহলীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাত দেখা গৈছে যে কেইবাজনো লোক হোটেলৰ কোঠালিটোলৈ সোমাই গৈছে। কোহলীৰ ব্যক্তিগত সামগ্ৰীসমূহৰ ভিডিঅ’ কৰিছে তেওঁলোকে।
কোহলীয়ে ইনষ্টাগ্ৰামত লিখে- “মই জানো যে অনুৰাগীসকলে সকলো সময়তে তেওঁলোকৰ প্ৰিয় খৈলুৱৈসকলক দেখি আনন্দ পায়। মই সেয়া সন্মান কৰো। কিন্তু এই ভিডিঅ’ দেখি মই আতংকিত হৈছো। যদি মোৰ হোটেলৰ কোঠাৰ গোপনীয়তা ৰক্ষা নহয়, তেন্তে ক’ত হ’ব?”
“এনেধৰণৰ ভালপোৱা মই নিবিচাৰো। এনেকৈ কাৰোবাৰ ব্যক্তিগত পৰিসৰত সোমোৱাটো উচিত নহয়।”- কোহলীয়ে লিখিছে- “দয়া কৰি প্ৰত্যেকৰ ব্যক্তিগত পৰিসৰতক সন্মান কৰক। তাক বিনোদনৰ পণ্য কৰি নুতুলিব।”
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া খেলখনত টীম ইণ্ডিয়া পাৰ্থ চহৰৰ এখন হোটেলত আছিল। তাতে এই ঘটনাটো সংঘটিত হৈছে।

