Breaking

বিৰাট কোহলী, ৰোহিত শৰ্মা, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে বহু চেলিব্ৰিটিৰ একাউণ্টৰ পৰা আঁতৰাই দিয়া হ’ল টুইটাৰৰ ব্লু টিক…

0 82

বিৰাট কোহলী, ৰোহিত শৰ্মা, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে বহু চেলিব্ৰিটিৰ একাউণ্টৰ পৰা আঁতৰাই দিয়া হ’ল টুইটাৰৰ ব্লু টিক! ইয়াৰ কাৰণ কি জানেনে? টুইটাৰে বিশেষ বুলি গণ্য কৰা লোকক ব্লুটিকছ দিছিল যদিও ইলন মাস্ক চিইঅ’ হোৱাৰ পিছত টুইটাৰৰ বহু নিয়ম সলনি কৰি সকলোকে এক ধন পৰিশোধ কৰাৰ পিছতহে ব্লুটিকট দিয়াৰ সুবিধা দিছিল। Microblogging Site Twitter CEO ঘোষণা অনুসৰি ইলন মাস্কে লিগেচি ভেৰিফাইড একাউণ্টৰ পৰা নীলা টিকবোৰ আঁতৰাই পেলাইছে। টুইটাৰৰ নতুন নিয়ম অনুসৰি এতিয়া ব্লু চেক মাৰ্ক কেৱল টুইটাৰ ব্লুৰ বাবে ধন দিয়া লোকসকলৰ বাবেহে উপলব্ধ হ’ব। ভাৰতত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিছে আৰু বহু বৃহৎ ব্যক্তি, ৰাজনীতিবিদ, অভিনেতা, ক্ৰীড়াবিদ আৰু সাংবাদিকৰ চেক মাৰ্ক আঁতৰোৱা হৈছে।

২০২০ চনৰ অক্টোবৰ মাহত টুইটাৰত এই সন্দৰ্ভত টুইট কৰাৰ সময়ত ইলন মাস্কে জোৰ দি কৈছিল যে যদি আপুনি নীলা টিক বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি মাহিলী পইচা দিব লাগিব। কোন কোন লোকৰ টুইটাৰৰ ব্লু টিক আঁতৰোৱা হৈছে তলৰ তালিকা খন চাওক-

মমতা বেনাৰ্জী
অশোক গেহলট
অৰবিন্দ কেজৰিৱাল
যোগী আদিত্যনাথ
ৰাহুল গান্ধী
মনোজ সিনহা
ভগৱন্ত মান
ভূপেন্দ্ৰ পেটেল
দিগ্বিজয় সিং
নীতিশ কুমাৰ


কোন খেলুৱৈৰ টুইটাৰ একাউণ্টৰ পৰা নীলা টিক আঁতৰোৱা হৈছে-

শ্বাহৰুখ খান
ছলমান খান
অমিতাভ বচ্চন
অভিষেক বচ্চন
আলিয়া ভাট
দীপিকা পাডুকন
ৰণবীৰ সিং
ছাৰা আলী খান
আয়ুষমান খুৰৰানা
ৰবীনা টেণ্ডন


কোন কোন খেলুৱৈয়ে নীলা টিক হেৰুৱালে-

ৰোহিত শৰ্মা
ছাইনা নেহৱাল
পি ভি সন্ধু
ছানিয়া মিৰ্জা
বিৰাট কোহলী
কিদাম্বী শ্ৰীকান্ত
অশ্বিনী পোন্নপ্পা
যোগেশ্বৰ দত্ত
ভি ভি এছ লক্ষ্মণ
ইয়াত নাম দিয়া ৰাজনীতিবিদ, অভিনেতা আৰু ক্ৰীড়াবিদসকলৰ বাহিৰেও এই ক্ষেত্ৰসমূহৰ যিসকল লোকে টুইটাৰৰ নতুন নিয়ম অৰ্থাৎ টুইটাৰ ব্লুত চাবস্ক্ৰাইব কৰা নাই, তেওঁলোকৰ ব্লুটিক হেৰুৱাই পেলাইছে।

টুইটাৰত নীলা টিকৰ অৰ্থ কি?
টুইটাৰত নীলা টিক এটা দিয়াটো আছিল এক প্ৰকাৰৰ ষ্টেটাছ চিম্বল। ব্লু টিক থকা মানুহক টুইটাৰত বেলেগ দৃষ্টিকোণৰ পৰা দেখা গৈছিল কাৰণ নীলা টিকছৰ টুইটাৰ কেৱল সেইসকল লোককহে দিয়া হৈছিল যিসকলৰ সমাজত কিছু বিশ্বাসযোগ্যতা আছিল আৰু তেওঁলোক বিশেষ ব্যক্তিৰ শ্ৰেণীত আহিছিল।

টুইটাৰৰ বাবে ইয়াত নিৰ্দিষ্ট লোকসকলে সেইসকল লোকক বুজায় যিসকলৰ যিকোনো পৰিস্থিতিত মানুহক সামাজিক, চৰকাৰী, ৰাজনৈতিকভাৱে প্ৰভাৱিত কৰাৰ ক্ষমতা আছে, গতিকে নিৰ্ধাৰণ কৰা হৈছিল যে তেওঁলোকক নীলা টিক দিব লাগে।

Leave A Reply