Virat Kohli Sister: বিৰাট কোহলীৰ ভগ্নীৰ সৈতে কেনে সম্পৰ্ক অনুষ্কাৰ, কিয় ট্ৰ’লৰ সন্মুখীন বিৰাটৰ ভগ্নী ?

আই পি এল ২০২৫ত জয়ী হোৱাৰ পাছত(Virat Kohli Sister)বিৰাট কোহলীৰ ভগ্নী ভাৱনাই এটা অতি আৱেগিক পোষ্ট লিখিছিল যদিও ভাই-ভগ্নীৰ সম্পৰ্কক লৈ একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। আনকি একাংশই অনুষ্কা শৰ্মাৰ সৈতে বিৰাটৰ ভগ্নীৰ সম্পৰ্কৰ কথাও ক’বলৈ আৰম্ভ কৰিলে।

মঙলবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ অন্তিমখন খেলত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুে। এই জয় কেৱল দলটোৰ বাবেই নহয় বিৰাট কোহলীৰ বাবেও আছিল অতি বিশেষ, কাৰণ ১৮ বছৰৰ বহু অপেক্ষাৰ অন্তত তেওঁ প্ৰথমবাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰিছিল। খেলখনৰ অন্তত খেলপথাৰত বিৰাট আৰু অনুষ্কা শৰ্মাৰ মাজত দেখা দিয়া কেমিষ্ট্ৰীয়ে যিয়ে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়।

দুয়োৰে বিশেষ মুহূৰ্ত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু এই জয়ৰ পাছত আন কিবা এটাই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী একাংশৰ দৃষ্টি আকৰ্ষণ কৰিলে। মানুহে ক’বলৈ ধৰিলে যে বিৰাট কোহলীয়ে বিজয়ৰ পাছত ভগ্নী ভৱনাৰ কথা উল্লেখ কৰা নাছিল আৰু পৰিয়ালটোক কোনো গুৰুত্ব দিয়া নাছিল। আনকি একাংশ ইউজাৰে বিৰাটৰ ভগ্নীক লৈ মন্তব্য কৰিবলৈ আৰম্ভ কৰিলে। এই মন্তব্যসমূহত এই প্ৰশ্ন উত্থাপন হৈছিল যে বিৰাট বা অনুষ্কাৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল নহয়।

আচলতে শেহতীয়াকৈ আই পি এল ২০২৫ৰ জয়ৰ পিছত বিৰাট কোহলীৰ ভগ্নী ভৱনাই এটা অতি আৱেগিক পোষ্ট লিখিছিল যদিও ভাই-ভগ্নীৰ সম্পৰ্কক লৈ একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। আনকি কিছুমানে অনুষ্কা শৰ্মাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথাও ক’বলৈ আৰম্ভ কৰিলে। তেওঁ কয় যে ভৱনাৰ এই পোষ্টত বিৰাট বা অনুষ্কাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। বিৰাটৰ ভগ্নীয়ে লিখিছে, ‘এই নিশা আৰু এই মুহূৰ্তটো বিশেষ, যেতিয়া আমি সেই সপোনটো উদযাপন কৰি আছো যিয়ে আমাক কেতিয়াবা কান্দিবলৈ আৰু হাঁহিবলৈ বাধ্য কৰাইছিল’।

তেওঁ আৰু লিখিছে, ‘বিৰাটৰ এই যাত্ৰা অতি দীঘলীয়া আৰু সংগ্ৰামেৰে ভৰা। এতিয়া এই সপোন পূৰণ হোৱাৰ লগে লগে প্ৰতিটো মুহূৰ্ত শান্তিৰে অনুভৱ কৰাটো গুৰুত্বপূৰ্ণ’। ভাৱনাৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। তেওঁৰ পোষ্টটোত ভাৱনাই আৰু লিখিছে, ‘বিৰাটৰ ভদ্ৰতা আৰু অনুৰাগীৰ প্ৰতি তেওঁৰ কৃতজ্ঞতা আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। এই জয় কেৱল তেওঁৰ নহয় আৰ চি বিৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ। আমাৰ সকলোৰে চকুত তেওঁৰ চকুলো অনুভৱ হ’ল’।

আনহাতে যিসকলে বিৰাটৰ ভগ্নীৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰিছিল সেইশকলক ক’লে , ‘মই প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ জীৱনত এনেকুৱা প্ৰকৃত সম্পৰ্ক হওক, য’ত কোনো নিৰাপত্তাহীনতা নাথাকে আৰু নিজকে দেখুৱাব নালাগে। কেৱল হৃদয়ৰ লগত জড়িত হৈ থাকক। ভগৱানে আপোনালোক আশীৰ্বাদ কৰক’। তেওঁৰ সেই উত্তৰে বহু মানুহৰ হৃদয় চুই গৈছিল। বিৰাটৰ অনুৰাগী সকলে তেওঁৰ ভগ্নীৰ এই উত্তৰ ভাল পাইছে আৰু তেওঁলোকে তেওঁক প্ৰশংসা কৰিছে।

Related Articles