Virat Kohli: ১৪ বছৰ আগৰ IPLৰ এটা সাক্ষাৎকাৰ চাই আচৰিত কোহলী !

বিৰাট কোহলীয়ে এতিয়ালৈকে আই পি এলত মুঠ ১৮ বাৰকৈ মেন অৱ দ্য মেচৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে প্ৰথমবাৰৰ বাবে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত বিৰাট কোহলীয়ে দিয়া সাক্ষাৎকাৰটো শুনি আচৰিত হৈ পৰে তেওঁ নিজেই।(Virat Kohli)

২০১১ চনত আই পি এলত প্ৰথমবাৰৰ বাবে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰা কোহলীয়ে দিল্লীৰ বিৰুদ্ধে সেই মেচত ৩৮টা বলত ৬২ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। তাৰ পিছত কোহলীয়ে কয়, “সঁচা কথা ক’বলৈ গ’লে মই তেনেকৈ বেটিং কৰাৰ পৰিকল্পনা কৰা নাছিলো। কিন্তু তেওঁ বল ভালদৰে মাৰিবলৈ আৰম্ভ কৰাৰ পিছত মই ক্ৰীছ (গেল)ৰ পৰা দায়িত্ব লৈছিলো। মই ক্ৰীজত থিয় হোৱাৰ পৰিকল্পনা কৰিছিলো যাতে ক্ৰীছে নিজৰ শ্বট খেলিব পাৰে আৰু মই মোৰ খেল খেলিব পাৰো।”

শেহতীয়াকৈ কোহলীক জিঅ’হটষ্টাৰৰ ‘১৮ কলিং ১৮’ শ্ব’ত এই সাক্ষাৎকাৰটো দেখুওৱা হৈছিল। তেওঁ প্ৰথমে ক’লে, “মই নিজেও নাজানো সেইদিনা মই কি কৈছিলো। সাক্ষাৎকাৰটো চাই আচৰিত হৈ পৰিল কোহলি।

বৰ্তমানৰ আই পি এলত কোহলীয়ে এই পৰ্যন্ত ১৬৪ ৰান সংগ্ৰহ কৰিছে। অৰ্ধশতিকা দুটাও আছে। বৃহস্পতিবাৰে দিল্লীৰ বিৰুদ্ধে খেলিব আৰচিবিয়ে।

Related Articles