Virat Kohli: ক্ৰিকেটাৰে ব্যক্তিগত চেফ নিব নোৱাৰিব, তাৰ পিছতো ডুবাইত প্ৰিয় খাদ্য গ্ৰহণ কৰিলে বিৰাট কোহলীয়ে !

অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। (Virat Kohli) ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে নিৰ্দেশ দিছে যে ক্ৰিকেটাৰসকলে ব্যক্তিগত চেফ নিব নোৱাৰিব। ইয়াৰ পিছতো বিৰাট কোহলীয়ে ডুবাইত নিজৰ প্ৰিয় খাদ্য খালে। কেনেকৈ?

দেওবাৰে ডুবাই ক্ৰিকেট একাডেমীত অনুশীলন কৰে ভাৰতীয় দলটোৱে। অনুশীলনৰ সময়ত কোহলীক স্থানীয় মেনেজাৰৰ সৈতে কথা পতা দেখা যায়। তাৰ পিছত মেনেজাৰজন খেলপথাৰৰ পৰা ওলাই গ’ল। অলপ পিছতে হাতত খাদ্যৰ পেকেট কেইটামান লৈ সোমাই গ’ল। তেওঁ সেইসমূহ কোহলীৰ হাতত দিয়ে। জানিব পৰা মতে, কোহলীয়ে নিজৰ প্ৰিয় ৰেষ্টুৰেণ্ট এখনৰ পৰা খাদ্য আনিছিল। অনুশীলনৰ অন্তত বাকীসকলে কিট বেগ পেক কৰাত ব্যস্ত থকাৰ সময়ত কোহলীয়ে খেলপথাৰত বহি নিজৰ আহাৰ খায়। টোপোলা এটা লৈ তেওঁ বাছত উঠিল।

অষ্ট্ৰেলিয়াৰ হাতত ছিৰিজৰ পৰাজয়ৰ পিছত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে নিৰ্দেশ দিছে যে ক্ৰিকেটাৰসকলে ব্যক্তিগত চেফক লগত লৈ আহিব নোৱাৰিব। কেৱল মাত্ৰ ব’ৰ্ডে নিযুক্তি দিয়া দুই এজন ৰান্ধনী দলৰ লগত গৈছিল। ইয়াৰ আগতে কোহলি যেতিয়া বিদেশ ভ্ৰমণলৈ গৈছিল তেতিয়া বিৰাটৰ লগত দুজন ৰান্ধনী গৈছিল। কোহলীৰ প্ৰিয় খাদ্য ৰান্ধিবলৈ। কিন্তু ভাৰতীয় ক্ৰিকেটাৰে তেওঁলোকক ডুবাইলৈ লৈ যাবলৈ নিদিলে। তাৰ পিছতো কোহলীয়ে নিজৰ প্ৰিয় খাদ্য খালে।

Related Articles