দ্বিতীয় বাৰৰ বাবে পিতৃ-মাতৃ হ’ব বিৰাট – অনুষ্কাৰ…

অতি সোনকালে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে দ্বিতীয়টি সন্তান আদৰিব। হিন্দুস্তান টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি অনুষ্কা শৰ্মা দ্বিতীয় বাৰৰ বাবে গৰ্ভৱতী হৈছে। খবৰ অনুসৰি এই ভাল খবৰটো অতি শীঘ্ৰে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিব দম্পতীহালে। কিছুদিন পূৰ্বে অনুষ্কা আৰু বিৰাটক প্ৰসূতি চিকিৎসালয়ৰ বাহিৰত পাপাৰাজীয়ে দেখা পাইছিল যদিও দুয়োজনে ফটোখন ফাদিল নকৰিবলৈ অনুৰোধ জনাইছিল। তেওঁলোকে কয় যে অতি সোনকালে তেওঁলোকে ঘোষণা কৰিব এই খবৰ। এই কাৰণেই অনুষ্কাই দীৰ্ঘদিন ধৰি ৰাজহুৱা স্থানত উপস্থিত হোৱা নাই। আম্বানীৰ গণেশ চতুৰ্থী পাৰ্টিতো দম্পতীহালক দেখা পোৱা নাছিল।

বিৰাট আৰু অনুষ্কাই নিজৰ ব্যক্তিগত জীৱন ব্যক্তিগত জীৱনটো ব্যক্তিগত ভাৱে ৰাখি ভাল পায়। বহুবাৰ অভিনেত্ৰীগৰাকীয়ে কন্যাৰ ছবি ক্লিক কৰাৰ বাবে পাপাৰাজীক কথা শুনাইছিল। দুয়োৰে ২ বছৰীয়া এগৰাকী কন্যা সন্তান আছে। এই দম্পতীহালে এতিয়ালৈকে নিজৰ কন্যাৰ মুখখন দেখুৱাব পৰা নাই। অনুষ্কাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে অতি সোনকালে তেওঁক ‘চকদা এক্সপ্ৰেছ’ত দেখা যাব।

Related Articles