Virender Sehwag: বিবাহ বিচ্ছেদৰ বাতৰিয়ে গতি লাভ কৰাৰ পিছতে বীৰেন্দ্ৰ ছেহৱাগৰ পত্নীয়ে প্ৰাইভেট কৰিলে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল

এক প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু তেওঁৰ পত্নী আৰতি আহলাৱটে ২০ বছৰীয়া বিবাহৰ অন্ত পেলাব। ২০০৪ চনত বিবাহপাশত আবদ্ধ হোৱা শৈশৱৰ বন্ধু (Virender Sehwag)ছেহৱাগ আৰু আৰতিয়ে কেইমাহ ধৰি পৃথকে পৃথকে থাকে আৰু সেয়ে বিবাহ বিচ্ছেদৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

ছেহৱাগ আৰু আৰতিৰ মাজত দূৰত্ব প্ৰথম লক্ষ্য কৰা হৈছিল যেতিয়া তেওঁলোকক ৰাজহুৱা আৰু ছ’চিয়েল মিডিয়াত কমকৈ একেলগে দেখা গৈছিল। সাধাৰণতে পৰিয়ালৰ বিষয়ে যথেষ্ট মুকলিকৈ কোৱা ছেহৱাগে যোৱা বছৰৰ দীপাৱলী উদযাপনৰ সময়ত জ্যেষ্ঠ পুত্ৰ আৰ্যবীৰ আৰু মাতৃ কৃষ্ণৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছিল যদিও পত্নী আৰতি আৰু কনিষ্ঠ পুত্ৰ বেদান্তৰ কোনো উল্লেখ বা ছবি দিয়া নাছিল। সকলোৱে সন্দেহ কৰিছিল তেতিয়াৰে পৰা।

ইনষ্টাগ্ৰামতো আৰতিক আনফ’ল’ কৰিছিল ছেহৱাগে। ১৭৮ হাজাৰ ফ’ল’ৱাৰ আৰু ইনষ্টাগ্ৰামত ভেৰিফাইড প্ৰফাইল থকা আৰতীয়ে হঠাতে নিজৰ প্ৰফাইল ব্যক্তিগত কৰি পেলায়, কাৰণ তেওঁলোকৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা আৰু বাতৰিয়ে বিয়পি পৰিছিল।

যদিও ছেহৱাগে এতিয়াও পত্নীৰ সৈতে ফটো আঁতৰোৱা নাই, তথাপিও ইনষ্টাগ্ৰামত আৰতিৰ সৈতে তেওঁৰ শেষ ফটো আছিল ২০২৩ চনৰ এপ্ৰিল মাহত। ছেহৱাগে ২০ বছৰীয়া বিবাহ বাৰ্ষিকীত (২২ এপ্ৰিল, ২০২৪) কোনো ৰাজহুৱা পোষ্টো শ্বেয়াৰ কৰা নাছিল।

২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা বীৰেন্দ্ৰ ছেহৱাগে তাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীৰ এণ্টি ড’পিং আপীল পেনেলত কাৰ্যনিৰ্বাহ কৰাকে ধৰি বিভিন্ন ভূমিকাত জড়িত হৈ আছে। এসময়ত দম্পতীহালৰ মাজত শক্তিশালী বন্ধন থকাৰ পাছতো শেহতীয়াকৈ দেখা গৈছে যে তেওঁলোকৰ সম্পৰ্কই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে ছেহৱাগ বা আৰতিৰ কোনোৱেই এই বিচ্ছেদ নিশ্চিত কৰা নাই।

Related Articles