Visa: ভ্ৰমণকাৰীৰ বাবে সুখবৰঃ গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা

ভ্ৰমণকাৰী, শিক্ষাৰ্থীকে (Visa) ধৰি স্বাস্থ্যজনিত কাৰণত বিদেশলৈ যোৱা অসমৰ লোকসকলৰ বাবে আহিছে এক বিশেষ সুবিধা৷ গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা৷ এই বিষয়ত টেক কোম্পানীৰে আলোচনা কৰিছে অসম চৰকাৰে৷ গুৱাহাটীত ৬০খনতকৈও অধিক দেশৰ বাবে এটা নিৰ্দিষ্ট ভিছা সুবিধা প্ৰদান কেন্দ্ৰ স্থাপনৰ বাবে নীতিগতভাৱে এক বৃহৎ প্ৰযুক্তি সেৱা প্ৰদানকাৰীয়ে সন্মতি প্ৰকাশ কৰিছে৷

সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ আশা প্ৰকাশ কৰিছে যে, এই কেন্দ্ৰটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷ সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে? ভিছা আৱেদনৰ বাবে বায়’মেট্ৰিক্স দিব লাগিব? এতিয়ালৈকে ইয়াৰ কাৰণে দিল্লী বা মুম্বাইলৈ দীঘলীয়া যাত্ৰা কৰিব লাগিছিল৷

কিন্তু শীঘ্ৰেই এই প্ৰক্ৰিয়া আমাৰ অসম আৰু উত্তৰ পূববাসীৰ বাবে ইতিহাস হৈ পৰিব৷’ তেওঁ কয়, ‘আনন্দেৰে জনাব বিচাৰিছোঁ যে, ভি এফ এছ গ্ল’বেলে মূলতঃ গুৱাহাটীত ৬০খন দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সন্মতি প্ৰকাশ কৰিছে৷

খুব সোনকালেই কোন কোন দেশৰ ভিছা আৱেদন গুৱাহাটীত কৰিব পাৰিব, কেন্দ্ৰ খোলাৰ সময়সূচী আদিকে ধৰি সবিশেষ তথ্য আপোনালোকক অৱগত কৰিম৷’ ইফালে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভিএফএছ গ্ল’বেলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ‘ভিছা এট ইউৰ ড’ৰষ্টেপ’ সেৱা প্ৰৱৰ্তন আৰু অসমত নাগৰিক সেৱা ডিজিটেল পদ্ধতিৰে প্ৰদানৰ দিশটো পৰ্যালোচনা কৰে৷

Related Articles