নামখলাত নিজ সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন

নিজসৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত সৰাবাৰী শাখা সাহিত্য সভাৰ সহযোগত অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয় ৷

ক’ভিড প্ৰট’কলৰ নিয়ম অনুসৰি অনুষ্ঠিত কৰা অনুষ্ঠানৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতিয়ে আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সৰাবাৰী শাখা সহিত্য সভাৰ সম্পাদক ভদ্ৰকান্ত কলিতাই

আনহাতে বিষ্ণুৰাভা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ক্ৰীড়া সন্থাই online ৰাভা সংগীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে আৰু প্ৰতিযোগিতাখনি আজি নিশা ১২ বজাত অন্ত পৰিব বুলি সন্থাৰ অন্যতম সদস্য জ্যোতিষ কলিতাই জানিব দিয়ে ৷

Related Articles