দেৰগাঁৱৰ ড্ৰীমলেণ্ড ক্লাৱৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন…

দেৰগাঁৱৰ ড্ৰীমলেণ্ড ক্লাৱৰ উদ্যোগত আফুৱাগাঁও নামঘৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়া জাতীয় জীৱনৰ পুৰোধা ব্যক্তি ,অসমীয়া আইৰ সুযোগ্য সন্তান কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মৃত্যু দিন ২০ জুন তাৰিখতো “বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিছাপে উদযাপন কৰা হয়। পুৱা পৰিৱেশ নিকাকৰণ স্মৃতি তৰ্পণ,চিত্ৰাংকন,কবিতা আবৃত্তি,সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ পাছতেই নিশা ৰাভাৰ আভা শীৰ্ষক এক ৰাভাৰ গীতৰ অনুষ্ঠানেৰে সফল সামৰণি পৰে।

উক্ত অনুষ্ঠানতে বৃহত্তৰ দেৰগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্থানীয় ছাত্ৰ-ছাত্ৰী সকলৰক সম্বৰ্ধনাও জনোৱা হয় । প্ৰতিকূল বতৰকো নেওচি কেইবা শতাধিক ৰাইজে উপভোগ কৰে এই দিনযোৰা অনুষ্ঠানটি।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Related Articles