Breaking

নাজিৰাত বিষ্ণু ৰাভা দিৱস উদযাপন

0 116

গড়গাঁও শাখা সাহিত্য সভাৰ উদ্যোগত নাজিৰাৰ গড়গাঁৱত ৫৪তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদ্‌যাপন আৰু অভিনন্দন অনুষ্ঠান।

মঙলবাৰে ৫৪তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰা গড়গাঁও শাখা সাহিত্য সভাৰ উদ্যোগত,গড়গাঁও মইনা পাৰিজাত আৰু স্থানীয় ৰাইজৰ সহযোগত ৫৪তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদ্‌যাপন কৰা হয় গড়গাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা অনুস্থিত হয় বিভিন্ন কাৰ্যসূচী। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা।


লগতে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়।

– দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply