বিশ্ব হিন্দু পৰিষদ :মাজবাট প্ৰখণ্ডৰ নতুন সমিতি গঠন

ওদালগুৰি জিলাৰ মাজবাটস্থ হনুমান মন্দিৰ প্রাংগনত ১৫জুলাইত  দিনৰ ১১:০০ বজাত বিশ্ব হিন্দু পৰিষদ মাজবাট প্ৰখণ্ডৰ  এখন সভা অনুষ্ঠিত  হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি  নিপেন শৰ্মায়। সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিত বিশ্ব হিন্দু পৰিষদ মাজবাট প্রখণ্ডৰ  সভাপতি হিচাপে  প্রদীপ শৰ্মা , উপ সভাপতি হিচাপে দুৰ্গা ভট্টৰায়, সম্পাদক ফনি শৰ্মা , প্রচাৰ সম্পাদক সন্তোষ  পাটোৱাৰী, সৎ সংঘ প্রমোখ উমেশ দাস, গো ৰক্ষা প্রমুখ ৰঞ্জন বসুমাতাৰী আদিক লৈ এক শক্তিশালী সমিতি গঠন কৰে। আজিৰ সভাত ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা পুলকেশ ৰাভা, সুভাষ চন্দ্র বিশ্বাস, বিৰেন নাৰ্জাৰী, মাজবাট প্রখণ্ড বজৰং দলৰ দিপেন বসুমতাৰী, ফনিন্দ্র উপাধ্যায়  আদি উপস্থিত থাকে।

Related Articles