Breaking

চিকিৎসা বিজ্ঞানৰ Clinical Psychologyত স্নাতকোত্তৰ ডিগ্ৰী লাভ বিশ্বনাথৰ ইছিতা হাজৰিকাৰ, দল সংগঠনৰ শুভেচ্ছা…

0 92

বিদেশৰ মাটিত সুখ্যাতিৰে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বিশ্বনাথৰ এগৰাকী কৃতিমান ছাত্ৰী ইছিতা হাজৰিকাই ৷ United kingdomৰ নিউ কেচল বিশ্ববিদ্যালয়ত অধ্যয়ণৰত ইছিতাই চিকিৎসা বিজ্ঞানৰ Clinical Psychology বিভাগত শিক্ষাগ্ৰহন কৰি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ কালি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত ইছিতাক Master of Science in Clinical Psychologyৰ এই স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে৷ অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ৭০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয় ৷ উল্লেখ্য যে ভাৰতৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ একমাত্ৰ ইছিতাই বিদেশৰ মাটিত এই ডিগ্ৰী লাভ কৰি অসমৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে ৷

ইছিতা হাজৰিকা বিশ্বনাথ জিলাৰ বিহালীৰ গ্ৰীন আছিয়ানাৰ সঞ্চালক বিশিষ্ট সমাজকৰ্মী ড°কিশোৰ হাজৰিকাৰ একমাত্ৰ কন্যা ৷বিদেশৰ মাটিত অৰ্জন কৰা সাফল্যতাৰ বাবে অসমৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষী সকলে ইছিতাক জনাইছে শুভেচ্ছা ৷ সমান্তৰালকৈ ড° কিশোৰ হাজৰিকায়ো তেওঁৰ কন্যাৰ সাফল্যত অতিকৈ সুখী আৰু গৌৰাৱাম্বিত বুলি উল্লেখ কৰে ৷

Leave A Reply