তামুলপুৰত কৃষি বান্ধৰ লগতে খেতি পথাৰ পৰিদৰ্শন বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ

বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে তামুলপুৰত উপস্থিত হৈ কুমাৰীকাটাৰ আমবাৰী, তামুলপুৰৰ কলবাৰী, গান্ধীবাৰী, গেৰুৱা, হাবিবাৰীকে আদি কৰি বিভিন্ন অঞ্চলৰ খেতি পথাৰত থকা পানীযোগান আঁঁচনিৰ বিভিন্ন বান্ধসমূহ পৰিদৰ্শন কৰে । খেতিৰ প্ৰয়োজনীয় পানী যোগানৰ বাবে নিৰ্মাণ কৰা উক্ত বান্ধ সমূহ সঠিক ৰূপত নিৰ্মাণ কৰা হৈছে নে নাই সেয়া চাবলৈ তামুলপুৰত উপস্থিত হয় বিটিচিৰ কাৰ্যবাহী সদস্য গৰাকী । কৃষি বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি খেতিয়ক সকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰো বুজ লয়। সংবাদিকৰে হোৱা বাৰ্তালাপত কৃষি বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে নৱ প্ৰজন্মক খেতিৰ বাবে অধিক আগ্ৰহী হোৱাৰ লগতে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৱলৈ আহ্বান জনায় । কাৰ্যবাহী সদস্য  গৰাকীয়ে প্ৰকাশ কৰে যে এইবাৰ কৃষিৰ বাবে প্ৰয়োজনীয় ধান কটা মেচিন, মৰণা মৰা যন্ত্ৰ, ধান চাফ কৰা যন্ত্ৰকে ধৰি ট্ৰেক্টৰ আদি কৃষকৰ সুবিধাৰ বাবে ফাৰ্ম মেচিনাৰী বেংকৰ পৰা যোগান ধৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

Related Articles