নাজিৰা মহকুমাধিপতিৰ মহকুমাৰ অন্তৰ্গত চাহ বাগানত পৰিভ্ৰমণ : যুদ্ধকালীন প্ৰস্তুতিৰে ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ নিৰ্দেশ

নাজিৰা মহকুমাত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত মহকুমা প্ৰশাসনৰ তৎপৰতা বাঢ়ি আহিছে। মহকুমাধিপতি লখিমী দত্তই নাজিৰা মহকুমা অন্তৰ্গত বিভিন্ন চাহ বাগান সমূহ নিজেই পৰিদৰ্শন কৰে আৰু ক’ভিডৰ বিষয়ে বুজ লোৱাৰ উপৰিও বাগান সমূহৰ প্ৰবন্ধক সকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাত মহকুমাধিপতি গৰাকীয়ে বহু সংখ্যক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত তুলি লয়। তেখেতে স্পষ্ট ভাষাত প্ৰবন্ধক সকলক ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত সষ্টম হৈ উঠিবলৈ আহ্বান জনায়। লগতে বাগান সমূহ তথা বাগানৰ কৰ্মকৰ্তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অধিক মনোনিবেশ কৰিবলৈ  মহকুমাধিপতি গৰাকীয়ে পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া সুজাতা গগৈক চাহ বাগানৰ নদেল বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰে। তদুপৰি তেখেতে বাগানৰ প্ৰবন্ধক সকলক ক’ভিড সম্পৰ্কীয় ব্যৱস্থাৱলী সমূহ যেনে – দ্ৰুত গতিত ক’ভিদ কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা, সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ নিৰৱিচ্ছিন্ন ভাৱে ক’ভিড পৰীক্ষা সম্পন্ন কৰা, চাহ বাগানৰ কৰ্মী সন্থাৰ সৈতে ক’ভিদ মনিতৰিং কমিটি ( monitoring committee)গঠন কৰা, নিয়মীয়াকৈ সজাগতা মূলক সভা অনুষ্ঠিত কৰা, বাগানৰ মজদুৰ সকলৰ ভ্ৰমণ সন্দৰ্ভত নিৰীক্ষণ কৰা ইত্যাদি, যুদ্ধকালীন প্ৰস্তুতিৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়। মহকুমাধিপতি লখিমী দত্তই কয় যে – “নাজিৰা মহকুমাত ২২ খন কৈ চাহ বাগান থকাৰ পৰিপ্ৰেক্ষিতত আমাৰ সন্মুখত যি প্ৰত্যাহ্বান আছে, সেই সকলোখিনি আমাৰ সংশ্লিষ্ট পক্ষই মুখামুখি হৈ সমাধান কৰিবলৈ সাজু হৈছে। মই নিজেই বাগান সমূহ পৰিভ্ৰমণ কৰিছোঁ আৰু লবলগীয়া ব্যৱস্থা সমূহৰ বিষয়ে প্ৰবন্ধক সকলৰ লগত আলোচনা কৰিছোঁ। বাগানৰ কোনো লোক ক’ভিডত আক্ৰান্ত হলে তেওঁলোকক  যাতে তাৎক্ষণিক ভাৱে ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰাব পাৰি তাৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰৰ প্ৰস্তুতি ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছোঁ।” সহকাৰী আয়ুক্ত তন্মই চেতিয়াই জানিবলৈ দিয়া মতে নাজিৰা মহকুমা অন্তৰ্গত চাহ বাগান সমূহত ১৮ মে’ পৰ্য্যন্ত মুঠ ১২ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছিল, তাৰে ৩ জন আৰোগ্য লাভ কৰাৰ ফলত আজিৰ তাৰিখত ৯ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ আছে। উল্লেখ্য যে, চাহ বাগান সম্পৰ্কীয় তথ্যৰ বাবে নদেল বিষয়া সুজাতা গগৈক যোগাযোগ কৰিব পাৰে বুলি মহকুমাধিপতি লখিমী দত্তই জানিবলৈ দিয়ে।

Related Articles