Breaking

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে ভাৰত ভ্ৰমণ…

0 17

২৬ ৰাজ্য ভ্ৰমণ কৰি অসমত উপস্থিত চত্তীশগড়ৰ চাইক্লিষ্ট অমৰ পাটলে । ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস ছত্তীশগড়ৰ যুৱক অমৰ পাটলে (২৬) ৰ । সমগ্র ভাৰতত বৃদ্ধি পোৱা মাৰাত্মক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে চাইকেল চলাই ভাৰত ভ্ৰমণ কৰা এগৰাকী যুৱক ৰঙিয়াত উপস্থিত হৈছে ।

ড্রাগছ আৰু বিভিন্ন নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে ২০২৩ বৰ্ষৰ ৯ মে’ৰ পৰা ছত্তীশগড়ৰ ৰাইগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যুৱকজনে । ইতিমধ্যে ১৫,০০০ কিলোমিটাৰ চাইকেলেৰে যাত্রা কৰিছে অমৰ পাটলেই । যুৱকজনে বিদ্যালয়, মহাবিদ্যালয়, পথচাৰীসকলক ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সকলোকে শপত বাক্য পাঠ কৰোৱায় ।

চাইকেল যাত্ৰাৰে ৰাজ্যত এটা সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে অমৰ পাটলেই । মাদক দ্ৰৱ্য সেৱন বৰ্জন কৰা, নিচামুক্ত কৰাৰ বাৰ্তা কঢ়িয়াইছে যুৱকজনে । নিচাযুক্ত দ্ৰব্যৰে দেশত সংঘটিত বিভিন্ন ঘটনা-দুৰ্ঘটনাসমূহৰ ৰোধ কৰাৰ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা চলাইছে । লগতে বিদ্যালয়ৰ পাঠ্যক্ৰমত ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে জ্ঞান দিব পৰাকৈ পাঠদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

Leave A Reply