Breaking

‘মেক ইন ইণ্ডিয়া’ৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীক মহান বন্ধু বুলি অভিহিত ভ্লাদিমিৰ পুটিনৰ…

0 53

ভাৰত আৰু ৰাছিয়াৰ মাজত থকা বন্ধুত্বৰ কথা পুনৰবাৰ দোহাৰে ভ্লাদিমিৰ পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহান বন্ধু বুলি অভিহিত কৰিছে। মেক ইন ইণ্ডিয়াকো প্ৰশংসা কৰিছে পুটিনে। পুটিনে কয় যে ভাৰতীয় অৰ্থনীতিৰ ওপৰত মেক ইন ইণ্ডিয়াৰ প্ৰভাৱ আছে। ৰাছিয়াৰ ৰাজধানী মস্কোত ভাষণ দি পুটিনে কয় যে ভাৰতত আমাৰ বন্ধু তথা ৰাছিয়াৰ মহান বন্ধু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবছৰমান আগতে ‘মেক ইন ইণ্ডিয়া’ৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল আৰু ভাৰতৰ অৰ্থনীতিত ইয়াৰ বহু প্ৰভাৱ পৰিছে। ভ্লাদিমিৰ পুটিনে ৰাছিয়াত ঘৰুৱা সামগ্ৰী আৰু ব্ৰেণ্ডক উৎসাহিত কৰাৰ বাবে ভাৰতৰ উদাহৰণ দাঙি ধৰে। শেহতীয়াকৈ ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কৈছিল যে ৰাছিয়া-ভাৰতৰ বিশেষ কৌশলগত অংশীদাৰিত্বই শক্তি প্ৰদৰ্শন কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰদূত আলিপভেও কয় যে ৰাছিয়াৰ বিষয়ে দৈনিক আৰু বিশ্বজুৰি মিছা কথা কোৱা হৈছে। ৰাছিয়া-ভাৰতৰ সম্পৰ্ক বিঘ্নিত কৰাৰ প্ৰয়াস কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত আয়োজন কৰা ৰাজ্যিক অভ্যৰ্থনা অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। ‘বিশেষ ৰাছিয়া-ভাৰত কৌশলগত অংশীদাৰিত্ব’ৰ প্ৰশংসা কৰি ৰাছিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে আমি পূৰ্বতকৈ অধিক শক্তিশালী হৈ আহিছো। প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰদূত আৰু পুটিনৰ এই বক্তব্য।

Leave A Reply