Breaking

বোকাখাত বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন ২০২৪ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ! ৭৪.২০% ভোটগ্ৰহণ সম্পন্ন…

0 10

১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। বোকাখাত নিৰ্বাচনী জিলাত আজি বিয়লি পাঁচ বজালৈ ভোটদানৰ হাৰ ৭৪.২০%। বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তৰ অন্তৰ্গত জ্যোতি বিদ্যাপীঠত ভোটদান কৰিলে অগপ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। সুন্দৰ বতৰত সকলোকে ভোটদানৰ বাবে ওলাই আহিবলৈ ৰাইজলৈ আহ্বান জনাই অতুল বৰাই সাংবাদিকৰ আগত কয় যে ভোটদান সকলো নাগৰিকৰে গণতান্ত্ৰিক অধিকাৰ। লগতে তেওঁ কয় যে আজি পুৱাৰে পৰা ভোটাৰৰ মাজত দেখা উৎসাহ উদ্দীপনা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুন্দৰ আৰু শক্তিশালী নেতৃত্বৰ বাবেই ৰাইজে মিত্ৰজোঁটৰ সপক্ষে ভোট দান কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিৰোধী তেনেই নিশকতীয়া। আজিৰ এই ভোটগ্ৰহন সূচাৰূপে পৰিচালনা কৰাৰ বাবে প্ৰতিটো কেন্দ্ৰলৈ কালিয়েই গৈ উপস্থিত হৈছিল ভোট গ্ৰহণকাৰীৰ দল। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা সমষ্টিটোৰ প্ৰায়বোৰ কেন্দ্ৰতেই ভোটাৰৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ ইফালে বোকাখাতৰ ১৫১ নং বিহৰা মিকিৰচাং প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহন কেন্দ্ৰত ই ভি এম মেচিনৰ বিজুতিৰ বাবে প্ৰায় দুঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিব লগীয়া হয় ৷ একেদৰে ই ভি এমৰ বিজুতিৰ বাবে নুমলীগড়ৰ ১৩১ নং ধলা কছাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰতো প্ৰায় ১ ঘন্টা সময় ধৰি বন্ধ হৈ থাকে ভোটগ্ৰহন প্ৰক্ৰিয়া। পিচত নতুন ই ভি এম যোগান ধৰিহে ভোট গ্ৰহণ আৰম্ভ কৰা হয়।

উল্লেখ্য যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত আছে মুঠ ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰ । প্ৰতি কেন্দ্ৰত এজনকৈ প্ৰিজাইডিং,আৰু তিনি জনকৈ প’লিং বিষয়া নিয়োগ কৰা হৈছে । ৰিজাৰ্ভত ৰখা হৈছে ২০ শতাংশ দল । ইয়াৰে ১৫ টা ভোটগ্ৰহন কেন্দ্ৰ পৰিচালনা কৰিছে কেৱল মহিলা বিষয়াই । দুটা আদৰ্শ কেন্দ্ৰও স্থাপন কৰা হৈছে । ১০৫ নং বোকাখাত বিধান সভা সমষ্টিৰ ১,৫৮,৪২০ গৰাকী ভোটাৰ। আজি এই কেন্দ্ৰ বোৰত ভোটাদানেৰে মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাত ভোটাৰ সকলে ভূমিকা ল’ব। ইয়াৰে ৭৭,৮৩০ গৰাকী পুৰুষ, ৮০,৫৮৮ গৰাকী মহিলা আৰু দুগৰাকী আছে তৃতীয় লিঙ্গৰ ভোটাৰ । ইয়াৰ ভিতৰত আছে ৩৪৪৫ গৰাকী নতুন ভোটাৰো।

Leave A Reply