Breaking

আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

0 23

আজি অসমৰ ৪ টা লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি নিৰ্ধাৰণ হ’ব ৪৭ গৰাকী প্রার্থীৰ ভাগ্য। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আজি ৰাজ্যৰ ৯, ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ মুঠ সংখ্যা ৮১ লাখৰো অধিক। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। কাইলৈ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।একেদৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কোকৰাঝাৰ লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে নিৰ্বাচনী যুঁজত নামিছে।

আজি নিৰ্ধাৰণ হ’ব এইসকল প্ৰাৰ্থীৰ ভাগ্য। ২৬ এপ্ৰিলত ৰাজ্যখনৰ পাঁচটা সংসদীয় সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ৭৭.৩৫ শতাংশ ভোটদান হৈছিল। ৰাজ্যখনত ১৯ এপ্ৰিলত পাঁচটা সংসদীয় সমষ্টি – যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭৮.২৫ শতাংশ ভোটদান হৈছিল।

Leave A Reply