পাকিস্তানত ভাৰতে বিমান আক্ৰমণৰ পিছত ভাৰতীয় বায়ুসেনা আৰু সেনাই এখন সংবাদমেল অনুষ্ঠিত কৰে। য’ত বিমান আক্ৰমণৰ সৈতে জড়িত তথ্য দিয়া হৈছিল। (Vyomika Singh and Sophia Qureshi) এই তথ্য কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডোৰ ব্যোমিকা সিঙে দিছে। এই দুগৰাকী মহিলাৰ কিমান শিক্ষা আৰু কিমান অভিজ্ঞতা আছে জানো আহক।
কৰ্ণেল ছফিয়া কুৰেশ্বি ভাৰতীয় সেনাৰ চিগনেল কৰ্পছৰ এগৰাকী সজ্জিত বিষয়া। বহুজাতিক সামৰিক অনুশীলনত ভাৰতীয় সেনাৰ এটা দলৰ কামাণ্ড কৰা প্ৰথমগৰাকী মহিলা বিষয়া তেওঁ। ২০১৬ চনত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ বহিঃৰাজ্যৰ সামৰিক অনুশীলন ‘এক্সাৰচাইজ ফৰ্চ ১৮’ত ভাৰতীয় দলটোক নেতৃত্ব দিছিল। বিশেষ কথাটো হ’ল অংশগ্ৰহণ কৰা ১৮টা দলৰ ভিতৰত তেওঁ আছিল একমাত্ৰ মহিলা সেনাপতি।
কৰ্ণেল কুৰেশ্বিৰ ঘৰ গুজৰাটৰ আৰু তেওঁ জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী।
উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ বায়ুসেনা যাত্ৰা আৰম্ভ হৈছিল তেওঁৰ শৈশৱৰ সপোনৰ পৰা। স্কুলীয়া দিনৰ পৰাই তেওঁৰ উৰাজাহাজ চলাবলৈ মন গৈছিল। তেওঁৰ নামৰ অৰ্থ – “ব্যোমিকা,” আকাশৰ সৈতে জড়িত – তেওঁৰ আকাংক্ষাক আৰু অধিক গঢ় দিছিল। ব্যোমিকা মানে আকাশত বাস কৰা বা আকাশৰ কন্যা।
তেওঁ নেচনেল কেডেট কৰ্পছ (এনচিচি)ত যোগদান কৰি আৰু পিছলৈ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰি নিজৰ লক্ষ্যত উপনীত হয়। পৰিয়ালৰ ভিতৰতে সশস্ত্ৰ বাহিনীত যোগদান কৰা প্ৰথমজন ব্যক্তি। ভাৰতীয় বায়ুসেনাত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্তি লাভ কৰি ২০১৯ চনৰ ১৮ ডিচেম্বৰত উৰণ শাখাত স্থায়ী কমিচন লাভ কৰে।
কৰ্ণেল কুৰেশ্বিয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযান (পিকেঅ’)ৰ সৈতেও ছবছৰ সেৱা আগবঢ়াইছে, য’ত কংগোত ৰাষ্ট্ৰসংঘৰ মিছনত উল্লেখযোগ্য কাৰ্যকাল (২০০৬)ও আছে। তেওঁ এবাৰ তেওঁৰ শান্তিৰক্ষা কৰ্তব্যক সংঘাতৰ অঞ্চলত যুদ্ধবিৰতি নিৰীক্ষণ কৰা আৰু মানৱীয় প্ৰচেষ্টাক সমৰ্থন কৰা বুলি অভিহিত কৰিছিল। তেওঁ সেই কাৰ্যক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে আৰু সশস্ত্ৰ বাহিনীৰ আন মহিলাসকলক “দেশৰ বাবে কঠোৰ পৰিশ্ৰম কৰি সকলোকে গৌৰৱান্বিত কৰিবলৈ” উৎসাহিত কৰে।
উইং কমাণ্ডাৰ সিঙে ২৫০০ ঘণ্টাৰো অধিক সময় উৰা মাৰিছে। তেওঁ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি কিছুমান কঠিন ভূখণ্ডত হেলিকপ্টাৰ উৰুৱাইছে।