Breaking

৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

0 43

বিধায়ক মৃণাল শইকীয়াই ছ’চিয়েল মিডিয়াত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সন্দৰ্ভত কৰা পোষ্ট সম্পৰ্কত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মৃণাল শইকীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা। তেওঁ যিখিনি কথা কৈছে, সেই কথাবিলাক পৰ্যালোচনা হ’ব লাগে। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পুনৰ কয় যে মোৰ কাৰণে ক’ৰবাত ক’ৰবাত বহু হাজাৰ ভোট নষ্ট হোৱা বুলি শইকীয়াই কৈছে। গতিকে তেওঁৰ কথাখিনি আমি ৪ তাৰিখলৈকে পৰ্যালোচনা কৰিব লাগে। মোৰ কাৰণে ক’ত ক’ত ভোট নষ্ট হ’ল পৰ্যালোচনা হ’ব লাগে। মই যিটো সমষ্টিৰ বিধায়ক, সেইটো সমষ্টিত প্ৰায় ৫০ হাজাৰ মুছলমান লোক আছে। ২৫ শতাংশ মুছলমান মানুহ আছে। সেই সমষ্টিটোত মোৰ এটা আশা আছে যে মই ৭০-৮০ হাজাৰ ভোটত লীড লম। মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত ৬-৭ শতাংশ মুছলমান মানুহ আছে। তেওঁ ডেৰ লাখ ভোটত লীড ল’ব পাৰিব নে নাই? ডেৰ লাখ ভোটত লীড ল’ব পৰা তেওঁৰ সেইধৰণৰ জনপ্ৰিয়তা আছে নে নাই? তেওঁৰ সমষ্টিততো মই প্ৰচাৰ চলাবলৈ যোৱা নাই, তেওঁৰ কাষৰ সমষ্টি সৰুপথাৰত মই প্ৰচাৰ চলাই আহিছো।

সৰুপথাৰত বেছি ভোটত জিকিব নে তেওঁৰ সমষ্টিত বেছি ভোটত জিকিব, সেইটো চাব লাগিব জনপ্ৰিয়তাটো কাৰ। তেওঁ আৰু কয় যে মই মোৰ সমষ্টিটোত প্ৰচাৰ চলাবলৈ মই যাবই পৰা নাই, মাত্ৰ দুদিন গৈছো। দুদিন গৈ মই যদি ৭০-৮০ হাজাৰ ভোটত লীড দিব পাৰো, তেওঁ গোটেই সময়ছোৱা নিজৰ সমষ্টিত থাকি, য’ত ৬-৭ শতাংশ মাত্ৰ মুছলমান মানুহ আছে, তেওঁ কিমান বেছি ভোট দিব? মোক দলে তিনিটা ক্লাষ্টাৰৰ দায়িত্ব দিছিল। এই তিনিটা ক্লাষ্টাৰত কিমান ভোটত জিকিম, সেয়া বিশ্লেষণ হ’ব। মোৰ তিনিটা সমষ্টি- গুৱাহাটী, দৰং-ওদালগুৰি আৰু বৰপেটাত মই অতি কমেও তিনি লাখতকৈ অধিক ভোটত জিকিম। গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোৰ সেৱা কৰিব পাৰো, কাম কৰিব পাৰে, তেতিয়াহ’লে পৰ্যালোচনা বেলেগে হ’ব। ইলেকচনৰ পিছত, ৪ জুনৰ পিছত আমি পৰ্যালোচনা কৰিম। মন্ত্ৰীগৰাকীয়ে কয় যে যিয়ে দলৰ হৈ কাম কৰে, দলৰ বাবে ত্যাগ কৰে, দলৰ প্ৰতি সমৰ্পিত হৈ কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। গতিকে মই কোৱা কথাখিনি তেওঁক কোৱা বুলি তেওঁ ভাবি লৈছে সেয়া তেওঁৰ কথা। তাত মোৰ একো ক’বলগীয়া নাই। কিন্তু মোৰ স্পষ্ট কথা যে তেওঁ এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা তেওঁ কোৱা কথাখিনি মই ৪ তাৰিখে পৰ্যালোচনা কৰিম।


দলৰ নেতা-কৰ্মীৰ মাজত মতানৈক্য বৃদ্ধি পাইছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ সেয়া একেষাৰে অস্বীকাৰ কৰে। তেওঁ কয় যে আমাৰ দলত কাৰো সৈতে কোনো মতানৈক্য নাই। আমি সকলোৱে একেলগে কাম কৰো। বিধায়ক মৃণাল শইকীয়া দলৰ এজন জ্যেষ্ঠ নেতা তেওঁৰ প্ৰতি আমাৰ সন্মান আছে বুলি মন্তব্য কৰে। তেওঁ কয় যে সন্মানৰ লগে লগে এইটোও আছে যে শইকীয়াই যেনেধৰণে কৈছে যে মোৰ কাৰণে ক’ৰবাত ভোট কমিছে, তেওঁ এইটোৰ জবাব দিব লাগিব ক’ত ক’ত ভোট কমিছে। মোৰ সমষ্টিত ২৫ শতাংশ মুছলমান মানুহ আছে, মই ৭০-৮০ হাজাৰত লীড লৈছো আৰু তেওঁৰ সমষ্টিত ৬-৭ শতাংশ মুছলমান মানুহ আছে, তেওঁ নিজৰ সমষ্টিত ২০ হাজাৰ ভোটত লীড ল’লে কেনেকৈ হ’ব? পৰ্যালোচনা কৰিলে পৰ্যালোচনা হ’ব। দলৰ কামত পৰ্যালোচনা হ’ব। সেয়ে ৪ তাৰিখৰ পিছত পৰ্যালোচনা হ’ব। আনহাতে, বিৰোধীয়ে এই বিষয়টোক লৈ মন্তব্য কৰা সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ৪ তাৰিখত ৰিজাল্ট ওলোৱাৰ পিছত এইবিলাক বিষয় আমি আলোচনা কৰিম। তেওঁ ৪ তাৰিখলৈকে সকলোকে অপেক্ষা কৰিবলৈ কয়। তেওঁ কয় যে ইমান দিনতো অপেক্ষা কৰিছেই আৰুনো কেইটা দিন! ৪ তাৰিখৰ পিছত ভূপেন বৰাক জবাব দিয়াৰ লগতে আৰু কাক কাক জবাব দিব লাগে দিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।


আনহাতে, ভূপেন বৰাই বিষয়টোক লৈ বিজেপিৰ বিধায়কসকলকৈ কটু মন্তব্য কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক এগৰাকী হতাশগ্ৰস্ত লোক বুলি কয়। তেওঁ মিডিয়াত কেনেকৈ হাইলাইট হৈ থাকিব পাৰি সেই কথাই চিন্তা কৰি থাকে। যাৰ বাবে তেওঁ কেতিয়াবা কবিতা লিখে, শ্বায়েৰী মাতে, ছাৰ্টৰ বুটাম ছিগি দিয়ে, বিতৰ্কিত মন্তব্য কৰে, যাতে মিডিয়াত ওলাব পাৰে।

Leave A Reply