Breaking

দিনটোত ১০ হাজাৰ খোজ কঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰীতা ! এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে…

0 75

খোজ কঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰী, দিনটোত ১০ হাজাৰ খোজ কাঢ়িলেই বহু স্বাস্থ্যজনিত ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা। দিনটোত ১০ হাজাৰ খোজতকৈ অধিক খোজ কঢ়াটো প্ৰয়োজনীয় নেকি?দিনটোত ১০,০০০ ষ্টেপৰ ধাৰণাটো ১৯৬৫ চনত জাপানী কোম্পানী এটাই তেওঁলোকৰ ষ্টেপ মিটাৰৰ বিজ্ঞাপন অভিযানৰ পৰাই উদ্ভৱ হৈছিল। বেছিভাগ মানুহেই শুই-বহি থকা জীৱন যাপন কৰিলেও দিনটোত ৫০০০ৰ পৰা ৭৫০০ খোজৰ ভিতৰত ক’ৰবাত খোজ দিবই।

এদিনত খোজ কঢ়াৰ নূন্যতম সংখ্যা কিমান?
নিম্ন সীমা অৰ্থাৎ দিনটোত ৭০০০ খোজ সম্ভৱতঃ নূন্যতম।

খোজ কঢ়াৰ স্বাস্থ্য উপকাৰীতা কি কি জানেনে-

হৃদৰোগৰ আশংকা হ্ৰাস কৰা
মেদবহুলতা
ডায়েবেটিছ আৰু তেজৰ চুগাৰ নিয়ন্ত্ৰণ
উচ্চ ৰক্তচাপ
উদাস

আৰামদায়ক জোতা ব্যৱহাৰ কৰক আৰু খোজ কঢ়াৰ বাবে সঠিক কৌশল অনুসৰণ কৰক; বিষ , আঘাত, ভাগৰ ৰোধ কৰাটো গুৰুত্বপূৰ্ণ
খোজ কঢ়া কোনে এৰাই চলিব লাগে?
গাঁঠিৰ সমস্যা, বা হৃদযন্ত্ৰ বা হাওঁফাওঁৰ সমস্যা থকা সকলে খোজ কঢ়া এৰাই চলিব লাগে।

ওপৰৰ তথ্য সমূহ গুৰুগ্ৰামৰ চি কে বিৰলা হাস্পতালৰ পৰামৰ্শদাতা – আভ্যন্তৰীণ চিকিৎসা ডাঃ ৰাজীৱ গুপ্তাৰ তথ্য় পৰা লোৱা হৈছে।

Leave A Reply