আলিয়া ভাটৰ দৰে গোলাপী ওঁঠ বিচাৰে নেকি? কৰক এই ৪টা কাম কাম…

যদি আপোনাৰ প্ৰাকৃতিকভাৱে গোলাপী ৰঙৰ ওঁঠ দুটা ৰং সলনি হোৱাৰ বাবে বেয়া দেখিছে তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। প্ৰাকৃতিকভাৱে গোলাপী ৰঙৰ ওঁঠ দুটাও কিছুমান ঘৰুৱা উপায়ৰ সহায়ত পুনৰ লাভ কৰিব পাৰি।আপুনি নিশ্চয় প্ৰায়ে ওঁঠৰ ক’লাক লিপষ্টিকেৰে ঢাকিবলৈ চেষ্টা কৰে। যদি আপুনিও বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ দৰে প্ৰাকৃতিকভাৱে গোলাপী ৰঙৰ ওঁঠ পাব বিচাৰে, তেন্তে চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি কিছুমান সহজ ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে…


প্ৰথমে ওঁঠ দুটা কিয় ক’লা হৈ পৰে জানো আহক-

১) আঘাতৰ ফলত তেজ জমা হোৱা
২) ভিটামিনৰ অভাৱ
৩) তেজত চুগাৰৰ মাত্ৰা কম
৪/ চাইট’টক্সিক ঔষধ
৫/ এডিচন ৰোগ
৬/ গৰ্ভাৱস্থা

শৰীৰত জলসিঞ্চিত কৰি ৰাখিবলৈ যিমান পাৰি পানী খাব লাগে। ইয়াৰ ফলত ওঁঠ শুকান নহয় আৰু ফাটি নাযায়। ইয়াৰ উপৰিও ওঁঠৰ ৰং সলনি হোৱাটোও নাইকিয়া হৈ যাব।

ঘৰত থকা এলোভেৰাৰ পাত ছিঙি তাৰ পৰা জেল উলিয়াই লওক, এতিয়া এটা বাটিত মৌৰ লগত মিহলাই ওঁঠত লগাওক। এতিয়া ১৫ মিনিট ৰাখি শেষত পৰিষ্কাৰ পানীৰে ওঁঠ ধুব। ইয়াৰ ফলত ওঁঠ দুটা কোমল আৰু গোলাপী হৈ পৰে।

প্ৰথমে বুটমাহৰ বাকলি আঁতৰাই তাৰ ৰস উলিয়াই লওক। আঙুলিৰ সহায়ত ওঁঠত লগালে ১৫ মিনিট ৰাখিব। পিছত ধুব। সপ্তাহত দুবাৰ এই কাম কৰিলে ফলাফল পাব পাৰে। বুটমাহত উপস্থিত থকা প্ৰাকৃতিক বুৰ্গাণ্ডী ৰঙে আপোনাৰ ওঁঠ দুটা কোমল আৰু গোলাপী কৰি তোলাত সহায় কৰে।

নেপকিন বা টুথব্ৰাছ তিয়াই ওঁঠ দুটা লাহে লাহে ধুব। ই মৰা ছাল আৰু ওঁঠৰ বাহিৰৰ শুকান তৰপটো আঁতৰাই পেলায়, লগতে তেজৰ সঞ্চালনও উন্নত কৰে। কোমল গোলাপী ওঁঠৰ বাবে সদায় ৰাতি নাৰিকল তেল লগাব লাগে।


Related Articles