সমাজ আৰু সামাজিক ব্যৱস্থাত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণ কৰাৰ লগতে সাম্প্ৰতিক কালৰ ক’ৰোণা আতংকৰ পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰা বাবে শলাগ আৰু সম্ভাষণ জনোৱা কাৰ্য্যসূচী ৰূপায়ণ কৰে ‘ৱাৰিয়ৰছ’ নামৰ সামাজিক সংগঠনটোৱে। উল্লেখ্য যে ; Warriors – এক জাগৰণ নাৰীত্বৰ নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু বেলতলা আঞ্চলিক সমিতিৰ যৌথ সহযোগত আজি দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি ; হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাক নিজৰ কৰ্তব্যৰ লগতে দায়িত্ব পালনত নিষ্ঠা আৰু সততাৰ বাবে এখন ফুলাম গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্ভাষন জনায়। ইফালে আৰক্ষী বিষয়াক সন্মানিত কৰাৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ পৰা সংগঠনটোৰ দুগৰাকী সদস্যই ৰক্তদান কৰা বাবে তেওঁলোকক উৎসাহিত কৰি অভিনন্দন জ্ঞাপন কৰে l সদস্য দুগৰাকী হল কামৰূপ মহানগৰ জিলাৰ সম্পাদক দিগন্ত নাথ আৰু বেলতলা আঞ্চলিক সমিতিৰ সম্পাদিকা গায়ত্ৰী বড়া লহকৰ l এই কাৰ্য্যৰ বাবে তেওঁলোকক সম্বোৰ্ধনা জনাই দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিয়ে। দুয়ো গৰাকী সদস্যক এখন ফুলাম গামোচা আৰু এখন অভিনন্দন পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে Warriors কামৰূপ মহানগৰ জিলাৰ সভাপতি সোণমণি বায়ণ ; সাধাৰণ সম্পাদক দিগন্ত নাথ ; জন সংযোগ সম্পাদিকা নিজৰা চেতিয়া ; বেলতলা আঞ্চলিক সমিতিৰ সভাপতি হেমন্ত গগৈ ; সম্পাদিকা গায়ত্ৰী বড়া লহকৰ আৰু বিত্ত সম্পাদিকা হিমাদ্ৰী ভৰদ্বাজৰ লগতে সহযোগ কৰে বেলতলা আঞ্চলিক সমিতিৰ জন সংযোগ সম্পাদিকা মুন গগৈ ; কাৰ্য্যবাহী সদস্য নীহাৰ দাস আৰু অনামিকাই। ইয়াৰ ওপৰিও আৰক্ষী বিষয়া আটাই কেইগৰাকীৰ আগত Warriors – এক জাগৰণ নাৰীত্বৰ মূল লক্ষ্য আৰু উদ্দেশ্য সমূহ সুন্দৰ ভাবে উপস্থাপন কৰে কামৰূপ মহানগৰ জিলাৰ সভাপতি সোণমণি বায়ণে। আৰক্ষী বিষয়া কেইগৰাকীয়ে আগলৈ ৱাৰিয়ৰ্চৰ কামত সহায় সহযোগ কৰি যাব বুলি আশ্বাস প্ৰদান কৰে।
ক’ভিড কালত শান্তি সম্প্ৰীতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিষয়াক ‘ৱাৰিয়ৰছ’ৰ শলাগ আৰু সম্ভাষণ

