পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জল যুদ্ধ ঘোষণা কৰাৰ সময়তে দেশৰ ভিতৰতে আৰম্ভ হৈছে আন এখন জল যুদ্ধ। পঞ্জাৱ হাৰিয়ানাৰ জল বিবাদ এতিয়া তুংগত উঠিছে।(Water Dispute)সাম্প্ৰতিক পৰিস্থিতিত হাৰিয়ানাত জল বিষয়ত সৰ্বদলীয় বৈঠকৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা আৰু অন্যান্য দলৰ সদস্যৰ সৈতে সংবাদ মাধ্যমক সম্বোধন কৰি চিএম হাৰিয়ানা নয়ব সিং ছাইনী শনিবাৰে চণ্ডীগড়ত জল বিবাদে দুয়ো খন ৰাজ্যৰ ক্ষতি কৰিছে বুলি কয়।
পানীৰ ভাগ-বতৰাক লৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজত হোৱা তৎপৰতা তীব্ৰতৰ হোৱাৰ লগে লগে চণ্ডীগড়ত এই বিবাদকলৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা নয়ব সিং ছাইনীয়ে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। তাৰ পিছত তেওঁ পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু আপ নেতা ভগৱত মানক “দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে পৰাস্ত হোৱাৰ পিছত ইচ্ছাকৃতভাৱে নিজৰ হতাশা প্ৰকাশ কৰা” বুলি অভিযোগ কৰে।বছৰ বছৰ ধৰি হাৰিয়ানাই পঞ্জাৱৰ পৰা কিমান পানী লাভ কৰি আহিছে তাৰ তথ্যৰ উদ্ধৃতি দি চাইনীয়ে কয় যে, “ভাক্ৰা বান্ধৰ পানীৰ মাত্ৰা কমি যোৱাৰ সময়তো হাৰিয়ানাই প্ৰতিদিনে প্ৰায় ৯ হাজাৰ কিউচেক পানী পাই থাকিল”। “তেন্তে কিয়, হঠাৎ, পঞ্জাবে এতিয়া পানী যোগান বন্ধ কৰি দিছে?” তেওঁ প্ৰশ্ন কৰে।(Punjab-Haryana)
‘আগতে পঞ্জাৱ চৰকাৰে দিল্লীলৈ পানী যোৱাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাছিল।কিন্তু দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত এনে লাগে যেন পঞ্জাৱ চৰকাৰে দিল্লীৰ জনসাধাৰণৰ ওপৰত প্ৰতিশোধ ল’বলৈ এই সকলোবোৰ কৰিছে।’- সংবাদমেল সম্বোধন কৰি চাইনীয়ে অভিযোগ কৰে। উল্লেখ্য ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে দিল্লীত আপক ক্ষমতাৰ পৰা উৎখাত কৰিছিল।সৰ্বদলীয় বৈঠকত গৃহীত প্ৰস্তাৱটোত হাৰিয়ানাই পঞ্জাবক ক্ৰমে ২৩ এপ্ৰিল আৰু ৩০ এপ্ৰিলত গ্ৰহণ কৰা ভাক্ৰা বিয়াছ মেনেজমেণ্ট ব’ৰ্ডৰ (বিবিএমবি)ৰ কাৰিকৰী সমিতি আৰু বৃহত্তৰ ব’ৰ্ডৰ সিদ্ধান্ত “চৰ্তবিহীন” কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছিল। বিবিএমবিয়ে বান্ধৰ পৰা পঞ্জাৱ আৰু হাৰিয়ানাকে ধৰি পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীলৈ পানী বিতৰণ নিয়ন্ত্ৰণ কৰে।পঞ্জাৱ চৰকাৰে অৱশ্যে বিবিএমবিৰ সিদ্ধান্ত নাকচ কৰিছে।শুকুৰবাৰে দিল্লীত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰই পঞ্জাবক কয় যে বিবিএমবিয়ে ভকৰা বান্ধৰ পৰা হাৰিয়ানালৈ অহা আঠ দিনৰ বাবে অতিৰিক্ত পানী ৪৫০০ কিউচেক অতিৰিক্ত পানী মুকলি কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ কয়।
বৈঠকত হাৰিয়ানাৰ নেতাসকলে দাবী জনায় যে “হাৰিয়ানাৰ অংশৰ পানীৰ ওপৰত অমানৱীয়, অন্যায়, অবৈধ, আৰু অসাংবিধানিক নিষেধাজ্ঞা তৎক্ষণাত উঠাই লোৱা হওক”।হাৰিয়ানাৰ মন্ত্ৰী অনিল বিজ, ৰণবীৰ গংগৱা, শ্যাম সিং ৰাণা, শ্ৰুতি চৌধুৰী, আৰু বিজেপিৰ ৰাজ্যিক সভাপতি মোহন লাল বদোলীয়ে সভাত অংশগ্ৰহণ কৰে।এই বৈঠকত কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদা আৰু ৰাজ্যিক দলৰ মুৰব্বী উদয় ভানে। ভাৰতীয় ৰাষ্ট্ৰীয় লোকদল (আইএনএলডি), জান্নয়ক জনতা পাৰ্টি (জেজেপি), বিএছপি আৰু চিপিআই(এম)ৰ প্ৰতিনিধিও উপস্থিত থাকে আপৰ হাৰিয়ানাৰ প্ৰভাৰী সুশীল গুপ্তাও।
সকলো নেতাই সৰ্বসন্মতিক্ৰমে কয় যে তেওঁলোকে হাৰিয়ানা চৰকাৰৰ সৈতে দৃঢ়তাৰে থিয় দিছে যাতে ৰাজ্যখনে নিজৰ “যথাযথ পানীৰ অংশ” লাভ কৰে।