তামুলপুৰত বৃদ্ধি পাইছে উপ নৈ সমূহৰ পানী…

 আজি কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত তামুলপুৰৰ বাল্টি, মটঙা, পাগলাদিয়া,বৰলীয়া আদি উপ নৈ সমূহ ফেনেফোটোকাৰে বাঢ়ি অহাই নহয় নৈৰ বাঢ়নি পানীয়ে কেবাখনো ঠাই জলমগ্ন কৰি ৰাখিছে। ভুটানৰ পৰা বৈ অহা খৰস্ৰোতা উপ নৈ কেইখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে নেৰানেপেৰা বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ ফলত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী, কাউলী আদি অঞ্চলৰ গাও সমূহৰ বাদেও খোদ তামুলপুৰ জিলা সদৰৰ ডিমিলাপাৰ,ভকতপাৰা,বৰখোপা আদি গাঁৱৰ আলি পদূলি জলমগ্ন হৈ পৰিছে  ।

কৃত্ৰিম বানত বুৰ গৈছে কাউলী চন্দনপুৰ এছ এছবিৰ শিবিৰো। বহু ঠাইত ভাঙি গৈছে নিৰ্মীয়মান গ্ৰাম্য পথ।মটঙা আৰু বাল্টি নৈৰ বাঢ়নী পানীৰ ফলত বন্ধ হৈ পৰিছে কাউলীকে আদি বহু অঞ্চলৰ যাতায়ত ব্যৱস্থা। নৈ দুখনৰ ওপৰত কোনো দলং নথকাত পাৰ হব পৰা নাই কোনো লোকে। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত বৰলীয়া নৈৰ বাঢ়নি পানীয়ে বৰবালিশিহাত বৰলীয়া নৈৰ ওপৰত  থকা বৰবালিশিহা লতিবাৰী সংযোগী একমাত্ৰ বাঁহৰ দলংখন বাঢনী পানীয়ে উটুৱাই লৈ যোৱাত বৃহত্তৰ অঞ্চলটোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ খবৰ আহিছে। বৰলীয়া নৈৰ ওপৰত ঝাৰকোণা গান্ধীবাৰী পথত থকা এখন লোহাৰ দলং বাঢ়নি পানীয়ে মাজডোখৰ ভাঙি উটুৱাই লৈ যায়। বৰলীয়া নৈৰ বাঢ়নি পানীয়ে বৰলেণ্ড চ’ক জলমগ্ন কৰাৰ শেহতীয়া বাতৰি আহিছে।

Related Articles