পানীয়েই প্ৰাণীৰ প্ৰাণ! অথচ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰময় অসম মুলুকৰে এটা অঞ্চল

আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো বিশুদ্ধ খোৱা পানীৰ নামত দূষিত পানী সেৱন কৰি অহা এই খন অসম মূলুকৰে এটা অঞ্চল এয়া৷


যি সময়ত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি আহিছে জল জীৱন মিছন আঁচনি৷


যি খন আঁচনিৰ জড়িয়তে চৰকাৰে হৰ ঘৰ নল, হৰ ঘৰ জলৰ শ্লোগান আওৰাইছে৷

চৰকাৰ খনৰ তেনে অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই বিলাসীপাৰা মহকুমাৰ গাতে লাগি থকা পৰ্বতঝোৰাৰ আমঝোৰা অঞ্চল৷

আমঝোৰা অঞ্চলবাসীৰ বাবে চৰকাৰৰ এনে আঁচনি যেন এক নুবুজা সাঁথৰ হে৷


মাটি খান্দি পানী উলিয়াই তৃষ্ণা নিবাৰণ কৰি আহিছে দুৰ্গম অঞ্চলটোৰ বাসিন্দা সকলে৷


Related Articles