জামুগুৰিহাটত জীয়া ভৰলীৰ গাইড বান্ধ পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ।

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা চকীঘাট দলংৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও নিৰ্মাণ কাৰ্য চলি থকা গাইড বান্ধৰ কাম আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই।চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ দিনৰ দুই বজাত চকীঘাটত উপস্থিত হোৱা মন্ত্ৰীজনে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জীয়া ভৰলীনদীৰ ওপৰত জি’অ টিউবৰ সলনি নতুন কাৰিকৰি পদ্ধতিৰে নিৰ্মাণ কাৰ্য চলি থকা গাইড বান্ধ কামৰ পৰিদৰ্শন কৰি সুখী হোৱা বুলি মন্তব্য কৰাৰ লগতে এই পদ্ধতিৰ সহায়ত গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সফল হ’ব পৰা যাব বুলি মন্তব্য কৰে।ইফালে চকীঘাটত শোণিতপুৰ জিলা প্ৰশাসনে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা চৰকাৰী মাটিত অঞ্চলটোৰ একাংশ খিলঞ্জীয়া যুৱকে কৃষি কৰ্ম কৰি থকাৰ পাছত একাংশ সন্দেহজনক নাগৰিকে মাজে মাজে হিংসাত্মক কাৰ্য সংঘটিত কৰি অহা কাৰ্যক মন্ত্ৰী গৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দুষ্কৃতিকাৰী সকলক কঠোৰ হাতৰে দমন কৰা হ’ব মন্তব্য কৰে।

Related Articles