Breaking

ননৈ নদীৰ মথাউৰিৰ ভগ্ন অংশ পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

0 172

দৰং : বিগত কিছুদিন ধৰি হোৱা নেৰা-নেপেৰা বানৰ ফলত অসমৰ বহু জিলা কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। এই বানত দৰং জিলাৰো বহু অঞ্চলৰ বিস্তৰ ক্ষতি হৈছে। আজি দৰং জিলাৰ মঙলদৈৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙেলীঝাৰ অঞ্চলত ননৈ নদীৰ মথাউৰিৰ ভগ্ন অংশ পৰ্যবেক্ষণ কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

ইয়াৰ পাছতে হাজৰিকাপাৰা অঞ্চলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা NDRF আৰু SDRF ৰ নাওঁৰ সহায়ত শাকতোলা নদীৰ মথাউৰি ভাঙি সৃষ্টি হোৱা বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে আৰু বানৰ ফলত জলমগ্ন হৈ থকা লোক সকলে আশ্ৰয় গ্ৰহণ কৰা স্থান সমূহত ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু এই লোক সকলক সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰিবৰ বাবে আৰু পানী শুকুৱা পাছত এই লোক সকলক নিজৰ নিজৰ ঘৰলৈ ঘূৰাই পঠিয়াবলৈ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰো জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

যিহেতু এই মথাউৰিৰ চিগা অংশ সমূহৰ স্থায়ী নিৰ্মাণৰ কাম বাৰিষাত পাছতহে সম্ভৱ সেয়ে এই মথাউৰি অতি সোনকালে অস্থায়ী ভাৱে নিৰ্মাণ কৰি স্থানীয় ৰাইজৰ যাতায়তৰ সুবিধা কৰিবৰ বাবে জলসম্পদ বিভাগৰ বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে। পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া , বিধায়ক পৰমানন্দ ৰাজবংশী , অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস , উপায়ুক্ত, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা প্ৰমুখ্যে অন্যান্য বিষয়া সকল আৰু জিলা প্ৰশাসনৰ বিষয়া সকল ।

Leave A Reply