Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !

তৰমুজ খোৱাৰ পিছত ৰক্ত সঞ্চালন ভাল হয়, গ্ৰীষ্মকালত তৰমুজ সকলোৱে প্ৰিয়। (Watermelon Benefits)কাৰণ ই পুৰুষৰ বাবে অতি উপকাৰী আৰু উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখে। তৰমুজ খালে আন বহুতো উপকাৰো পোৱা যায়।


বেছিভাগ ৰোগেই শৰীৰৰ ভিতৰত ঘটা প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ ফলত হয়। কিন্তু এই ফলত লাইকোপেন আৰু ভিটামিন চি নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ দূৰ কৰে।

চকুৰ দৃষ্টিশক্তিৰ বাবেও লাইকোপেন উপকাৰী। বয়সৰ লগে লগে চকুৰ স্বাস্থ্যৰ অৱনতি ঘটাত বাধা দিয়ে। ইয়াৰ ফলত চকুৰ কোষবোৰ সুস্থ হৈ থাকে আৰু বৃদ্ধ বয়সতো দৃষ্টিশক্তি দুৰ্বল নহয়।

চিট্ৰুলিনে ব্যায়ামৰ ক্ষমতাও বৃদ্ধি কৰে বুলি জনা যায়। ৱৰ্কআউটৰ পিছত বিষ আৰু জঠৰতা তৰমুজ খালে উপশম পাব পাৰি।

গ্ৰীষ্মকালত শৰীৰৰ ভিতৰত পানীৰ অভাৱ হ’ব পাৰে। যাৰ ফলত হিটষ্ট্ৰ’ক হ’ব পাৰে। তৰমুজত যিহেতু প্ৰচুৰ পৰিমাণে পানী থাকে সেইবাবে খাব লাগে তৰমুজ।


তৰমুজৰ গুটি কম কেলৰিযুক্ত খাদ্য, যিয়ে মেগনেছিয়াম, আইৰণ, ভাল চৰ্বি, জিংক থাকে।

আনহতে এতিয়া কঁঠাল খোৱাৰো বতৰ। কেঁচা, পকা দুয়োবিধ কঁঠালেই শক্তিদায়ক। কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। কৌষ্ঠকাঠিন্যত ভোগাসকলে কঁঠাল খাব লাগে। কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে। যৌনশক্তি বৃদ্ধিও কঁঠালে সহায় কৰে। কঁঠালে শুক্ৰানুবৃদ্ধিত সহায় কৰে। বিশেষকৈ কঁঠালৰ গুটি খালে শুক্ৰানু বৃদ্ধি হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী। কঁঠালত পুষ্টিকৰ উপাদান যেনে ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰটিন আদি থাকে, যিবোৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কঁঠালত আঁহ থাকে যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।কঁঠালত ভাল পৰিমাণৰ পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। কঁঠালত কেলৰি আৰু চৰ্বি কম থাকে যদিও ই প্ৰচুৰ পৰিমাণে পুষ্টি প্ৰদান কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

Related Articles