নলবাৰী জিলাৰ প্ৰাণস্বৰূপ নলবাৰী চহৰলৈ প্ৰৱেশ কৰিবলৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ গনেশ মন্দিৰ চকৰ পৰা চহৰলৈ থকা পথত কেইবা কৌটি টকাৰ ব্যায়সাপেক্ষে অভিলাসি তোৰন নিৰ্মানৰ বাবে আধাৰশিলা স্থাপনৰ কাৰ্য্যসূচী ৰূপায়ন কৰে। তোৰণখনৰ পৰিকল্পনা কৰে নলবাৰী ৰ সু সন্তান নুৰুদ্দীন আহমেদে।আধাৰশিলা স্থাপন কৰে ভাৰতীয় জনতাপাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টি সাংসদ দিলীপ কুমাৰ শইকীয়া, ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকন,ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাঙ্ক তালুকদাৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ভাষন প্ৰসঙ্গত সাংসদ দিলীপ শইকীয়াই নলবাৰী চহৰক ৰাজ্যৰ ভিতৰত জাকত জিলিকা কৰি তোলা হব বুলি উল্লেখ কৰে । আনহাতে মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ভাষন প্ৰসংগত ২০১৬ চনৰ আগৰ কংগ্ৰেছৰ চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰে।তেওকয় যে আগৰ চৰকাৰৰ দিনত কোনো উন্নয়ন হোৱা নাছিল কাৰণ সেইচৰকাৰখন উটৰলেখিয়া আছিল।গতিকে উটক ভেৰাৰখীয়াপতা বাবে দেশখনৰ উন্নয়ন হোৱানাছিল ।কংগ্ৰেছ চৰকাৰ দুৰ্নীতি গ্ৰস্হ হৈ ৰাইজৰ কৰ কাতল আত্মাস্যাৎ কৰিছিল । তদুপৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে সংবাদ মাধ্যমৰ আগত কাইলৈ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হব বুলি মন্তব্য প্ৰকাশ কৰে । তদুপৰি শ্ৰেণী কোঠাত সৰ্বাধিক ৩০ গৰাকী ছাত্ৰ ছাত্ৰীক পাঠদান কৰাব পাৰিব তথা যদি কোনোবা শ্ৰেণীকোঠাত ৩০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী হয় তেন্তে শ্ৰেণী কোঠা দুটা শাখাত বিভক্ত কৰি পাঠদান কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।


