Breaking

দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁঃ প্ৰদ্যুত বৰদলৈ…

0 22

দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁ : প্ৰদ্যুত বৰদলৈ।

মনোনয়ন পত্ৰ দাখিলৰ পাছত নগাঁৱৰ ভোটাইগাঁৱত প্ৰথম পথসভা।

দলীয় বিধায়ক-নেতা অবিহনেই নগাঁৱৰ অলিয়ে-গলিয়ে নিৰ্বাচনী প্ৰচাৰ।

আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি দেশৰ সৰ্বত্ৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। প্রত্যক্ষ বা পৰোক্ষভাৱে হ’লেও কেৱল ভোটাৰ ৰাইজেই নহয়, সচেতন নাবালক শিক্ষাৰ্থীসকলৰ মাজতো নিৰ্বাচনী প্ৰসংগই স্থান পাইছে। এনে পৰিৱেশ-পৰিস্থিতিৰ মাজতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ বাবে ৯ নং নগাঁও লোকসভা সমষ্টিৰ পৰা ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা ১৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৩ গৰাকী প্ৰাৰ্থী বৈধ বুলি বিবেচিত হোৱাৰ পিছত (যদিহে কোনোৱে মনোনয়ন পত্ৰ উঠাই নলয়) কম-বেছি পৰিমাণে সকলো প্ৰাৰ্থীয়ে ভোটাৰৰ মন মুহিবলৈ ভিন্ন প্ৰকাৰে ব্যস্ত হৈ পৰিছে। বিশেষকৈ প্ৰধান ৰাজনৈতিক দলসমূহৰ ভিতৰত এইবেলি নগাঁও লোকসভা সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈ, বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মাজতে যে মূল প্ৰতিদ্বন্দিতা হ’ব সেয়া স্পষ্ট হৈ পৰিছে আৰু সেয়ে তিনিওটা দলৰ তিনিওগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যেই ভোটাৰ ৰাইজৰ অন্তৰ স্পর্শ কৰিবলৈ বিভিন্ন আশ্বাস-প্ৰতিশ্ৰুতিৰ ঢল বোৱাবলৈ পাহৰা নাই। ইফালে, মনোনয়ন পত্ৰ প্ৰদানৰ বাবে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী পীয়ুয হাজৰিকা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী, বিধায়ক ৰমাকান্ত দেউৰী, প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা প্ৰমুখ্যে বহু নেতাসহ সকলো উবুৰি খাই পৰিছিল বা ইয়াৰ আগে-পাছে হোৱা নিৰ্বাচনী প্ৰচাৰ সভাসমূহতো প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

সেইদৰে, নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, বিধায়ক অখিল গগৈ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা শিবামণি বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ আদিয়ে সংগ দিছে যদিও বিভিন্ন স্থানৰ প্ৰচাৰ সভাসমূহত প্ৰদ্যুত বৰদলৈৰ কাষত নাই দলীয় কোনো উল্লেখনীয় নেতা। ইফালে, এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ সাংসদ তথা দলৰ মুৰব্বী বদৰউদ্দিন আজমল, বিধায়ক কৰিম উদ্দিন বৰভূঞা প্ৰমুখ্যে দুজনমান দলীয় নেতা মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়াৰ বাদে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত উল্লেখনীয় নেতা অবিহনেই সংখ্যালঘু অঞ্চলসমূহত প্ৰচাৰ অভিযান চলায়। প্ৰাৰ্থীগৰাকীয়ে এই পৰ্যন্ত এক প্ৰকাৰ অকলেই সংগ্ৰাম কৰি গৈছে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ। ইফালে, নিৰ্বাচনী সভা অথবা সংবাদ মেলৰ জৰিয়তে বোকা ছটিওয়া খেল অব্যাহত আছে প্ৰাৰ্থীসকলৰ মাজত। বিগত কেইটামান দিনৰ ভিতৰতে বিশেষকৈ বিজেপি-কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীয়ে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে কুৎসা ৰতনাত ব্যস্ত হৈ পৰা দেখা গৈছে। আজিও কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ভোটাই-পাঠৰী, তুলসী দেউৰী, দক্ষিণপাট, নগাঁও পৌৰসভাৰ ১৩ নং এলেকা আদিত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰাৰ্থীগৰাকীয়ে আজি প্ৰথমেই নগাঁও চহৰৰ নিকটৱৰ্তী ভোটাইগাঁৱত পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হঠাৎ গাড়ীৰ পৰা নামি সমবেতসকলক উদ্দেশ্যি মাইক্ৰফোন যোগে ৰাইজৰ সঁহাৰি বিচাৰি আহ্বান জনাই কয়– “এই নিৰ্বাচন ভাৰতবাসীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ নগাঁৱত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছোঁ। এই দুয়োটা সাম্প্ৰদায়িক দলে ধৰ্মৰ নামত, জাতিৰ নামত, ভাষাৰ নামত আমাৰ সমাজখনত বিভাজন আনিছে।” প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ পাছত প্ৰথমেই এই স্থানলৈ অহা বুলি নিজে উল্লেখ কৰি আৰু কয়– “আমাৰ সাধাৰণ জনতাৰ জীৱন চুই যোৱা যিবোৰ মৌলিক সমস্যা আছে সেইবোৰ সমাধান কৰাৰ সলনি ব্ৰিটিছে যেনেকৈ কানিৰ প্ৰচলন কৰি মানুহক বিৱশ কৰি ৰাখিছিল, ঠিক তেনেদৰে এই দুয়োটা সাম্প্ৰদায়িক দলে ধৰ্মান্ধতা, কানি সেৱন কৰা মানুহক বিৱশ কৰি ৰাখিছে অথচ সাধাৰণ তথা শ্ৰমজীৱী মানুহ বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। এনে ক্ষেত্ৰত আমি সকলোকে আমাৰ বুকুৰ মাজত সুমুৱাই এই অঞ্চলবোৰৰ উন্নয়ন, নৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা, প্ৰত্যেকটো পৰিয়ালতে অতিৰিক্ত উপাৰ্জনৰ দিহা আৰু সংস্থাপনৰ দিহা কৰাটোৱেই হ’ল আমাৰ দায়িত্ব ।

আৰু সেই দায়িত্ব এজন জনপ্ৰতিনিধি হৈ আপোনালোক সকলোৰে আশীৰ্বাদ লৈ মই পাৰ্লিয়ামেণ্টত আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আগুৱাই যাব খুজিছোঁ।” প্ৰাৰ্থীগৰাকীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা, যোৱা বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই ।

Leave A Reply