Weather Update: তীব্ৰ গৰমে দহিব ৰাজ্যক, জুনত কমিব বৰষুণ

আৰু মাত্ৰ কেইটামান দিন৷ কেইটামান(Weather Update) দিনৰ পিছতে তীব্ৰ গৰমে দহিব ৰাজ্যক৷ শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত অবিৰত বৰষুণত মানুহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে৷ ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানে জটিল ৰূপ ধাৰণ কৰিছে৷ মহানগৰীৰ বিভিন্ন ঠাইৰ লোক একপ্ৰকাৰ জলবন্দী হৈ পৰিছে৷

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অহা তিনি-চাৰিদিনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো বৰষুণ থাকিব৷ কিন্তু অহা জুন মাহত এইবাৰ পূৰ্বৰ তুলনাত অসম তথা পূৰ্বোত্তৰত সৰ্বভাৰতীয় হাৰতকৈ হ্ৰাস পাব বৃষ্টিপাত৷ জুনত বৰষুণ কমিব, তাপমাত্ৰা বাঢ়িব৷

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব’ নীলে কয়, ‘শেহতীয়াকৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়া অনুসৰি এইবাৰ বাৰিষা কালত [ৰ জুনৰ পৰা ৩০ ছেপ্টেম্বৰ] সমগ্ৰ দেশৰ প্ৰায়ভাগ ঠাইতেই স্বাভাৱিকতকৈ বেছিকৈ বৰষুণ হ’ব যদিও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ কম হ’ব৷’ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত এইবাৰ দেশত ১০৬ শতাংশ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে যদিও অসমকে ধৰি উত্তৰ-পূবৰ ক্ষেত্ৰত বৃষ্টিপাত ৯৪ শতাংশহে হ’ব বুলি বতৰৰ বতৰা দিছে বতৰ বিজ্ঞান বিভাগে৷ জুন মাহত অসমকে ধৰি উত্তৰ-পূবত বৰষুণ কম হ’ব৷

আনহাতে, জুন মাহত উত্তৰ-পূবত সৰ্বোচ্ছ তাপমাত্ৰা স্বাভাৱিকতকৈ বেছি হ’ব বুলি কৈছে বতৰ বিজ্ঞান বিভাগে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, যোৱা ৰ মাৰ্চৰ পৰা ২৭ মে’ পৰ্যন্ত অসমত স্বাভাৱিকতকৈ ১৭ শতাংশ কমকৈ বৰষুণ হৈছে৷

Related Articles