মাত্ৰ এজাক বৰষুণতে (Weather) সাগৰ সদৃশ পৰিবেশ সৃষ্টি হয় গুৱাহাটী মহানগৰীত৷ বৃহস্পতিবাৰে বিয়লি হোৱা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ বাট-পথ বানীত বুৰ যায়৷ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হৈ থাকে শ শ যান বাহন৷ হঠাতে সৃষ্টি হোৱা এনে কৃত্ৰিম বানে মহানগৰীখনৰ জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলে৷ বৃহস্পতিবাৰে বৰষুণৰ ফলত গুৱাহাটীৰ লগতে সংলগ্ন অঞ্চলসমূহত লগতে তীব্ৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়৷ জু-ৰোড, আৰ জি বৰুৱা পথ, জি এছ ৰোড, নবীন নগৰ, হাতীগাঁও, গীতা নগৰ, পাঞ্জাবাৰী, যোৰাবাট, জটিয়া, ভি আই পি ৰোড, ৰাজগড় আৰু ৰুক্মিণীগাঁৱকে গুৰুত্বপূৰ্ণ অঞ্চলৰ পৰা বানপানীৰ খবৰ পোৱা গৈছিল৷ (assam)
পথত পানী জমা হোৱাৰ ফলত ভিৰ সময়ত যান-জঁটৰ ব্যাপক যানজঁটৰ সৃষ্টি হয়, যান-বাহন আৱদ্ধ হৈ পৰাৰ লগতে দৈনন্দিন জীৱনত ব্যাঘাত জন্মে৷ ইয়াৰ পূৰ্বে বুধবাৰে যোৰাবাটত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কৃত্ৰিম বানপানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ বোকা আৰু পানীৰে পুতি পেলাইছিল৷ ২০২৩ চনৰ আগষ্ট মাহত আদালতে গুৱাহাটীৰ দীৰ্ঘদিনীয়া পানী জমা হোৱা সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল৷ চলিত বৰ্ষৰ আৰম্ভণিতে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বানপানীৰ প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰি ›াষ্টিকৰ বানপানীৰ বাধা, ইক’-ব্লক, স্থানীয় নদী খননকে ধৰি প্ৰশমনৰ ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷
আগন্তুক কেইবাদিনো অধিক বৰষুণৰ পূৰ্বাভাসে মহানগৰীৰ পৰিবেশ আৰু অধিক ভয়ংকৰ কৰি তুলিব বুলি আশংকা কৰা হৈছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে অসম আৰু উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত ২ ছেপ্টেম্বৰলৈকে বৰষুণ অব্যাহত থাকিব৷ আইএমডিয়ে বিশেষকৈ নিম্ন অঞ্চলত সম্ভাৱ্য বানপানী আৰু পানী জমা হোৱাৰ বিষয়তো সতৰ্কবাণীও দিছে৷ জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু বতৰৰ পৰামৰ্শৰ বিষয়ে অৱগত হৈ থাকিবলৈ আহ৩ান জনাইছে৷

