দেশ জোকাৰি যোৱা ইন্দোৰৰ ব্যৱসায়ী ৰাজা (Weisawdong Falls) ৰঘুবংশীৰ চাঞ্চল্যকৰ হানিমুন হত্যাকাণ্ডৰ কেইবামাহো পিছত মেঘালয়ে ৱেইছ’ডং জলপ্ৰপাত আৰু কাষৰীয়া ৰিয়াট আৰ্লিয়াঙক পৰ্যটকৰ বাবে মুকলি কৰি দিছে। ৰাজ্য চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগতে দৰ্শনাৰ্থীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থাৰ কথা ঘোষণা কৰিছে।মাউফু, উমব্লাই, লাইটডুহ, আৰু লাইটলিণ্ডপৰ গাঁও নেতাসকলৰ সৈতে অতিৰিক্ত উপাযুক্ত এম.এ.চাল্লামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
নতুন ব্যৱস্থা অনুসৰি ৱেইছ’ডং জলপ্ৰপাতত পৰ্যটন সম্পৰ্কীয় কাৰ্য্যকলাপ লাইটডুহ গাঁৱে তদাৰক কৰিব, আনহাতে উম্বলাই গাঁৱে পৰ্যটকৰ বাহনৰ বাবে ৰিয়াট আৰ্লিয়াং পাৰ্কিঙৰ সুবিধা পৰিচালনা কৰিব। সতৰ্কতা বা নিয়ম উলংঘাৰ যিকোনো প্ৰচেষ্টাই কঠোৰ আইনী পৰিণতিৰ সন্মুখীন হ’ব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে।চলিত সপ্তাহৰ আৰম্ভণিতে মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘুবংশীৰ হত্যাৰ ষড়যন্ত্ৰৰ বিশদ বিৱৰণ দি ৭৯০ পৃষ্ঠাৰ এক বিস্তৃত অভিযোগনামা দাখিল কৰিছিল।২৯ বছৰীয়া ৰাজাই ১১ মে’ত বিবাহপাশত আবদ্ধ হোৱা পত্নী সোণম ৰঘুবংশীৰ সৈতে হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। ইয়াৰ পিছতে ৱেইছ’ডং জলপ্ৰপাতৰ ওচৰত পচি যোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পিছত তদন্তত সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই ৰাজাক হত্যা কৰা বুলি প্ৰমাণ হৈছিল।
লগতে তিনিজন ঠিকাভিত্তিক হত্যাকাৰী—আকাশ ৰাজপুত, বিশাল চৌহান, আৰু আনন্দ কুৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল ।চাৰ্জশ্বীটৰ মতে, ৩০ মে’ত ৰাজাক জলপ্ৰপাতৰ ওচৰত হত্যা কৰা হৈছিল। ৮ জুনত উত্তৰ প্ৰদেশত সোণমে আত্মসমৰ্পণ কৰে।পাঁচজন অভিযুক্তৰ বিৰুদ্ধে হত্যা, প্ৰমাণ ধ্বংস আৰু ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ পিছতে ৱেইছ’ডং জলপ্ৰপাত
পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

