Breaking

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন । মাহেকীয়া বাৰ্তালোচনী ,’আমাৰ গোলাঘাট’ উন্মোচন…

0 92

গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন । মাহেকীয়া বাৰ্তালোচনী,’আমাৰ গোলাঘাট’ উন্মোচন।অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক,জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাক বিপুল সম্বৰ্ধনা । বিশিষ্টকবি,লেখক ,সমজকৰ্মী দিলীপ কুমাৰ শৰ্মাক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সমাজ-আদিত্য উপাধি প্ৰদান ।

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । শাখাৰ সভাপতি দ্বীপেন দত্ত সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ,জ্যেষ্ঠ সাংবদিক দিগন্ত কুমাৰ ভূঞাক জিলাখনৰ শাখা সাহিত্য সভা,জিলা সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কবি সন্মিলন,অনুসূচীত ছাত্ৰ সন্থা,সন্মিলিত মটৰ পৰিবহন সন্থাকে ধৰি কুৰিটাৰো অধিক অনুষ্ঠান,সংগঠনে বিপুল সম্বৰ্ধনা জনায় । অনুষ্ঠানত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ মাহেকীয়া বাৰ্তালোচনী ‘আমাৰ গোলাঘাট’উন্মোচন কৰে বিশিষ্ট কবি,লেখক, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক ড° কাজল শইকীয়াই ।উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে আমাৰ গোলাঘাটৰ সম্পাদনা সমিতিৰ সম্পাদক পাৰিজাত বৰুৱাই ।বিশিষ্ট কবি,লেখক,সমাজকৰ্মী দিলীপ কুমাৰ শৰ্মাক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই ‘অসম আদিত্য’ উপাধি প্ৰদান কৰি বিশেষ সম্বৰ্ধনা জনায় । শাখাৰ সম্পাদক স্বাগতা বৰাই আঁত ধৰা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি গুণেন্দ্ৰ নাথ বৰাই । মূকলি সভা উদ্বোধন কৰি বিশিষ্ট লেখক ,নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই অসম সাহিত্য সভাই জাতীয় জীৱনৰ সাম্প্ৰতিক বহু বিপৰ্যয়ৰ মূহুৰ্তত নিস্তেজ ভূমিকা লোৱা বুলি ক্ষোভ প্ৰকাশ কৰে । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সময়োপযোগী কৰ্মসূচীৰ তেওঁ ভুয়সী প্ৰশংসা কৰে । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক,ভাষাতত্ববিদ,অসম সাহত্য সভাৰ প্ৰাক্তন সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে । গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৱিত্ৰ বৰবৰা,সদৌ অসম লেখিকা সমাৰোহ
সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বিশিষ্ট সমাজকৰ্মী পূৰ্ণ ৰাজখোৱা,সদৌ অসম ছাত্ৰ সুন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী,অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি জিতুল ৰাজখোৱা,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ, সন্মিলিত মটৰ পৰিবহন সন্থাৰ সম্পাদক শৰৎ শইকীয়া, গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰশাসনীয় সম্পাদক,সাংবাদিক দীপমণি খাটনিয়াৰ,সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দিপাংকৰ দাস,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলাৰ সভাপতি নিকুজ্ঞ মেধি,সম্পাদক ৰাজীৱ দাস আদিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত শাখা সাহিত্য সভাসমূহৰ সভাপতি,সম্পাদকসকলে অংশগ্ৰহণ কৰে । আদৰণি ভাষণ প্ৰদান কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উপ-সভাপতি ভোগেশ্বৰী চাংমায়ে । শলাগৰ শৰাই আগবঢ়ায় পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক তনুজ কুমাৰ মহন্তই । শাখাৰ কবি সন্মিলনৰ আহ্বায়ক কুমকুম চাংমায়ে আঁত ধৰা বঁটা বিতৰণি অনুষ্ঠানত প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা স্বৰচিত কবিতা লিখা আৰু চুটি গল্প প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয় ।

দিব্য জ্যোতি কাকতি ৰঙামাটিৰ পৰা প্ৰতিবেদন


Leave A Reply