Breaking

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনৰ অভিমুখীকৰণ কাৰ্যসূচী…

0 73

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিকলাঙ্গতা বিভাগ আৰু ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনৰ যৌথ উদ্যোগত দুদিনীয়াকৈf “অক্ষম ব্যক্তিসকলৰ সমস্যা আৰু পাৰস্পৰিক দক্ষতা”ৰ ওপৰত অভিমুখীকৰণ কাৰ্যসূচী ১০ আৰু ১১ এপ্রিলত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত অনুস্থিত হৈ যায় ।

‘আশাদ্বীপ’ৰ পৰিচালিকা সঞ্চালিকা ড° অঞ্জলি গোস্বামীয়ে বিশেষভাবে সক্ষম ব্যক্তিসকলৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ সমস্যাসমূহ ভাষণৰ মাজেদি তুলি ধৰি প্ৰশিক্ষাৰ্থীসকলক তেনে ব্যক্তিসকলৰ প্ৰতি থকা দায়িত্ববোধ সমূহ কেনেকৈ পালন কৰিব পাৰি তাৰ বিষয়ে বিশদভাৱে আলোচনা আগবঢ়ায়। কাৰ্যসূচীৰ প্ৰথম দিনা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ড° মিন্টু ভট্টাচাৰ্য্য আৰু ড° শ্যামসুন্দৰ শৰ্মাই অক্ষম ব্যক্তিসকলক কেনেদৰে চিনাক্ত কৰিব পৰা যায় আৰু তেওঁলোকৰ লগত কেনেদৰে ভাবৰ আদান প্ৰদান কৰিব পৰা যায় তাৰ ওপৰত আলোকপাত কৰে।

দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে অক্ষম ব্যক্তিসকলৰ বিশেষত কথা ক’ব নোৱাৰা ব্যক্তিসকলৰ লগত যোগাযোগ কৰিবলৈ লওঁতে কেনেদৰে চিহ্ন ভাষা (Sign Language) ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ লয়। প্ৰশিক্ষণ প্ৰদান কৰে কলা-বোৱাৰ অল ইণ্ডিয়া ফেদাৰেচনৰ সঞ্চালক শ্ৰীযুত তপন কুমাৰ আৰু নৰ্থ-ইষ্ট কলেজ অৱ হিয়াৰিং ইমপেয়াৰ্ডৰ চিহ্ন ভাষাৰে দোভাষী শ্ৰীমতী প্ৰিয়ংকা নেৱাৰে। অভিমুখীকৰণ কাৰ্যসূচীৰ শেষত বিভাগৰ মুখ্য অধ্যাপিকা ড কাবেৰী সাহাই প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰশংসা পত্ৰসমূহ বিতৰণ কৰে।

Leave A Reply