Breaking

এইবাৰ ইজৰাইলী সেনাৰ আক্ৰমণৰ লক্ষ্য ৱেষ্টঃ শৰণাৰ্থী শিবিৰত আক্ৰমণ চলাই ৬ পেলেষ্টাইনীক হত্যা…

0 39

এইবাৰ ইজৰাইলী সেনাৰ আক্ৰমণৰ লক্ষ্য ৱেষ্টঃ শৰণাৰ্থী শিবিৰত আক্ৰমণ চলাই ৬ পেলেষ্টাইনীক হত্যা। যুদ্ধৰ জুই এতিয়া গাজাৰ পৰা ৱেষ্ট বেংকলৈ বিয়পিছে। ইজৰাইলে গাজা চহৰ ধ্বংস কৰাৰ পিছত এইবাৰ ৱেষ্ট বেংকত আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলী সেনাই ৱেষ্ট বেংকৰ এটা শৰণাৰ্থী শিবিৰত আক্ৰমণ চলাইছে। এই আক্ৰমণত ছজন পেলেষ্টাইনী নিহত হৈছে। দিন বাগৰাৰ লগে লগে হামাছ আৰু ইজৰাইলৰ সেনাৰ মাজত যুদ্ধ অধিক ভয়াৱহ হৈ পৰিছে। মৃত্যুৰ সংখ্যা ক্ৰমে বাঢ়ি গৈছে।

ইজৰাইলী সেনাই শুক্ৰবাৰে পুৱতি নিশা ৱেষ্ট বেংকৰ ফাৰা শৰণাৰ্থী শিবিৰত আক্ৰমণ চলায় । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে আক্ৰমণৰ ঘটনাটো নিশ্চিত কৰিছে। স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে ইজৰাইলী সেনাই আহতসকলক চিকিৎসালয়লৈ নিয়াত বাধা দিছে। এম্বুলেন্সবোৰ ৰখাই দিয়া হৈছে। উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত কালি হামাছ সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ আক্ৰমণ চলোৱা হৈছিল। জাবালিয়া শৰণাৰ্থী শিবিৰত পূৰ্বেও আক্ৰমণ চলোৱা হৈছিল। উক্ত আক্ৰমণত বহুলোকে প্ৰাণ হেৰুৱাইছিল।

ইজৰাইলে ৭ অক্টোবৰত হামাছে চলোৱা আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ গাজা আৰু তাৰ পিছতে ৱেষ্ট বেংকত আক্ৰমণ আৰম্ভ কৰিছে। উত্তৰ গাজাক চূৰ্ণ-বিচূৰ্ণ কৰাৰ পিছত তেল আভিভে এতিয়া দক্ষিণ গাজাত চকু দিছে। ইজৰাইলী সেনাৰ আক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ইতিমধ্যে ১৫,০০০ অতিক্ৰম কৰিছে।

Leave A Reply